নতুন দিল্লীঃ অহা ১১-১২ অক্টোবৰত চেন্নাইত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙৰে অ-আনুষ্ঠানিক বৈঠকত মিলিত হ’ব। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিমন্ত্ৰণ মৰ্মেই চীনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে দুদিনীয়া ভ্ৰমণসূচীৰে অহা ১১ অক্টোবৰত চেন্নাইত পদাৰ্পণ কৰিবহি। তামিলনাডুৰ মামাল্লাপুৰমৰ টেম্পল টাইনত এই বৈঠকখন অনুষ্ঠিত হ’ব। উল্লেখযোগ্য যে চীনৰ ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে মোডীৰ এয়া দ্বিতীয়খন অ-আনুষ্ঠানিক বৈঠক। প্ৰথমখন বৈঠক ২০১৮ চনৰ ২৭-২৮ এপ্ৰিলত চীনৰ ৱাহুনত অনুষ্ঠিত হৈছিল।













