গুৱাহাটীঃ দেশৰ ভিন্ন ৰাজ্যৰ লগতে অসমতো কাৰ্যকৰী হৈছে যান-বাহন (সংশোধনী) আইন, ২০১৯। ইয়াৰ ফলত হাজাৰ-হাজাৰ টকা জৰিমনা বিহিছে যান-বাহন আৰক্ষীয়ে। এই আইনখনে যান-বাহন আৰক্ষীকহে ‘ধনী’ কৰিব বুলিও একাংশ লোকে চৰ্চা কৰিছে। ইফালে যান-বাহন আৰক্ষীকে প্ৰমুখ্য কৰি আৰক্ষীৰ বিৰুদ্ধে ‘টকা খোৱা’ৰ অভিযোগটো দীৰ্ঘদিনীয়া। সম্প্ৰতি এই অভিযোগটোকে নাইকিয়া কৰিবলৈ আগবাঢ়িছে গুৱাহাটী যান-বাহন আৰক্ষী। জানিবপৰা মতে, তেওঁলোকে শীঘ্ৰেই যান-বাহন আইন ভংগৰ ক্ষেত্ৰত ই-চালানৰ ব্যৱস্থা কৰিব। এনে হ’লে আইন ভংগকাৰীয়ে মাত্ৰ অনলাইনৰেহে জৰিমনা দিব পাৰিব। কাগজৰ কোনো ব্যৱহাৰ নাথাকিব। সকলো বিৱৰণ উৰ্ধতন কৰ্তৃপক্ষই লাভ কৰিব। যান-বাহন আৰক্ষীয়ে আইন ভংগকাৰীৰপৰা হাতে-হাতে টকা বিচৰা মানেই আইন ভংগকাৰীয়ে যান-বাহন আৰক্ষীক প্ৰশ্ন কৰিব পাৰিব। ইয়াত মূল ভূমিকা পালন কৰিব আইন ভংগকাৰীয়ে। আইনৰ প্ৰতি আস্থা প্ৰদৰ্শন কৰাটো হ’ব ই-চালন ব্যৱস্থাৰ সফল ৰূপায়ণৰ চালিকাশক্তি। প্ৰাপ্ত তথ্যমতে চলিত বৰ্ষৰ শেষৰপৰাই গুৱাহাটীত এই ব্যৱস্থা প্ৰৱৰ্তন কৰা হ’ব। লাহে-লাহে ৰাজ্যৰ আন-আন চহৰসমূহতো এই ব্যৱস্থা কৰা যাব।













