নতুন দিল্লীঃ দীপান্বিতাৰ প্ৰাকক্ষণত কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ কৰ্মচাৰী আৰু পেঞ্চনাৰসকললৈ সুখবৰ আগবঢ়াইছে কেন্দ্ৰীয় কেবিনেটে। বুধবাৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত এওঁলোকৰ মৰগীয়া বানচ (ডিএ) ৫ শতাংশ বৃদ্ধি কৰাৰ কথা ঘোষণা হয়। এই ঘোষণাৰ ফল ভোগ কৰিবলৈ পাব ১.১২ কোটি কৰ্মচাৰী আৰু পেঞ্চনাৰে। পূৰ্বে এনে কৰ্মচাৰী আৰু পেঞ্চনাৰৰ ডিএ আছিল ১২ শতাংশ। এতিয়া সেয়ে ডিএ হ’ব ১৭ শতাংশ। ইয়াৰবাবে কেন্দ্ৰই ১৬ হাজাৰ কোটি টকা ব্যয় কৰিব।













