নতুন দিল্লীঃ চলিত বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ ন’বেল বঁটা আগবঢ়োৱা হৈছে তিনিগৰাকী বিজ্ঞানী ক্ৰমে জন বি গুডএনাহ, এম ষ্টেনলে হুইট্টিঙহাম আৰু আকিৰা য়ছিন’লৈ। বুধবাৰে ৰয়েল ছুইদিছ একাডেমী অৱ চায়েঞ্চে এই ঘোষণা কৰে। লিথিয়াম-আয়ন বেটাৰী প্ৰস্তুত কৰাৰ কাৰণেই বিজ্ঞানী তিনিজনলৈ এই সন্মান আগবঢ়োৱা হয়। ১৯২২ চনত জাৰ্মানীত জন্মগ্ৰহণ কৰা জন বি গুডএনাহ সম্প্ৰতি আমেৰিকাৰ টেক্সাচ বিশ্ববিদ্যালয়ত কৰ্মৰত। আমেৰিকাৰ ব্ৰিঙঘামটন বিশ্ববিদ্যালয়ৰ অধ্যাপক এম ষ্টেনলে হুইট্টিঙহামৰ জন্ম হৈছিল ১৯৪১ চনত। জন্ম স্থান যুক্তৰাজ্যত। ইফালে ১৯৪৮ চনত জাপানত জন্মগ্ৰহণ কৰা আকিৰা য়ছিন’এ বৰ্তমান জাপানৰ মেইজ’ বিশ্ববিদ্যালয়ত কৰ্মৰত। উল্লেখযোগ্য যে বৰ্তমান সকলো ম’বাইল ফোন, লেপটপ, ই-বাহনতে লিথিয়াম-আয়ন বেটাৰী ব্যৱহাৰ কৰা হয়।













