গুৱাহাটীঃ অসম সাহিত্য সভাই অহা ১৯ অক্টোবৰত লংকা মহাবিদ্যালয়ত আয়োজন কৰিছে কেন্দ্ৰীয় ৰামধেনু অনুষ্ঠান। ইয়াত পাহাৰীয়া তিনি জিলা ক্ৰমে কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাচাওৰ মহাবিদ্যালয়সমূহত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মহামিলন ঘটিব হোজাই, নগাঁও আৰু মৰিগাঁৱৰ মহাবিদ্যালয়সমূহত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলৰ। এই অনুষ্ঠানত উক্ত জিলাকেইখনৰ ভিন্ন মহাবিদ্যালয়সমূহৰ শ্ৰেষ্ঠ গায়ক-গায়িকা, শ্ৰেষ্ঠ সাহিত্য প্ৰতিযোগীসকলৰ ওপৰিও প্ৰতিভাৱান ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰিব পাৰিব বুলি সভাৰ এটা সূত্ৰই জানিবলৈ দিছে।













