গুৱাহাটীঃ গুৱাহাটীৰ পানবজাৰস্থিত ঐতিহ্যমণ্ডিত ধৰ্মীয়, সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান হৰিসভাৰ চৌহদত বুধবাৰে স্থানীয় সাংসদ কুইন ওজাই এক বিস্তৃত বৃক্ষৰোপণ কাৰ্যসূচীত অংশ লয়। ইয়াত সাংসদগৰাকীয়ে নিজেও বকুল ফুলৰ পুলি এটি ৰোপণ কৰে। কাৰ্যসূচীত পানবজাৰ এলেকাৰ নেতৃস্থানীয় লোকসকলকে প্ৰমুখ্য কৰি হৰিসভা পৰিচালনা সমিতিৰ সম্পাদক কমল গোস্বামী আৰু দিলীপ গোস্বামী উপস্থিত থাকে। উল্লেখযোগ্য যে প্ৰতিবছৰে হৰিসভাত সম্পূৰ্ণ বৈদিক নীতি-নিয়মেৰে সাত্বিকভাৱে দুৰ্গা পূজা অনুষ্ঠিত কৰি অহা হৈছে। এইবাৰৰ ১০৫ সংখ্যক দুৰ্গাপূজাৰ নৱমীৰ দিনাখন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকি অঞ্জলি গ্ৰহণৰে ভক্তপ্ৰাণ ৰাইজক উৎসাহিত কৰিছিল।













