![]()
আজি বিয়লি বকলীয়াঘাট থানাৰ অন্তৰ্গত ডিচ’বাইত সংঘটিত হোৱা এক ভয়ঙ্কৰ পথ দুৰ্ঘটনাত পাঁচজন লোক অতি গুৰৱতৰভাবে আহত হোৱীৰ বাতৰি পোৱা গৈছে ৷
ঘটনাৰ বিৱৰণ অনুসৰি আজি বিয়লি ডিফু দিশৰ পৰা আহি থকা এএছ ০২ এম ৬৫২৬ নম্বৰৰ ওৱেগনআৰ বাহনখনৰ সৈতে বিপৰীত দিশৰ পৰা আহি থকা এএছ০১ ইচি ০০৪৩ নম্বৰৰ ট্ৰাকখনৰ মুখামুখি সংঘৰ্ষৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয় ৷
দুৰ্ঘটনাত কাৰখনত থকা পাঁচজন যাত্ৰী অতি গুৰুতৰভাবে আহত হয় ৷ আহত লোক কেইজন ক্ৰমে, আমট্ৰেং হাবে ইংতি গাঁও নিৱাসী ছামছিং ইংতি কাথাৰ,(৪২), জয়ছিং চতিচ'(৩৫), কাৱে ক্ৰ’পী(৬০), লংচিং তিচ’ (৬০) আৰু কাদম তিচ’পী(৫১) বুলি চিনাক্ত কৰা হৈছে ৷
আহত লোক কেইজনক ততালিকে বকলীয়াঘাট প্ৰাথমিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও উন্নত চিকিৎসাৰ বাবে আটাইকে ডিএমচিএইছলৈ প্ৰেৰণ কৰা হয় ৷ দুৰ্ঘটনাটোত ৱেগেনাৰ বাহনখনো চুচুৰ্মৈ হয় বুলি জানিব পৰা গৈছে ৷













