ASSAM TIMES POST
মাধুৰ্য্য বৰা, টীয়কঃ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত আজি সমগ্ৰ অসমৰ লগতে টীয়কটো কৃষক মুক্তি সংগ্ৰাম সিমিতিয়ে এক বৃহৎ মানৱ শৃংখল বাহিৰ কৰে।
অসমক বিদেশী মুক্ত কৰাৰ দাবীত আজি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যোৰহাট জিলাৰ যুটীয়া সম্পাদক অৰিন্দম গগৈ, সভাপতিদ্বয় উমেশ বৰা, মৃদুল বৰা উপস্থিত থকা মানৱ শৃংখলটোত প্রায় দুই শতাধিক সদস্য-সদস্যাই অংশ গ্ৰহণ কৰে।
বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে অসমক যি মাহীয়াইৰ দৃষ্টিৰে ছাঁই যিদৰে শোষণ কৰি আহিছে তাৰ প্ৰতিবাদত অনাগত দিনত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অসমৰ প্ৰতিখন গাঁৱলৈ গৈ ইয়াৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰি অসমক বিদেশী মুক্ত কৰিব বুলিও হুংকাৰ দিয়ে।
ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত একত্ৰিত প্রায় ২০০ সদস্যৰে গঠিত মানৱ শৃংখলটোত টীয়কৰ বিভিন্ন অঞ্চলৰ কৃষক মুক্তিৰ সদস্য-সদস্যাসকলে অংশ গ্ৰহণ কৰে।













