![]()
প্রধানমন্ত্রী হোৱাৰ কেইবছৰমান পিছতেই অস্ত্র আৰু সামৰিক সৰঞ্জামৰ সংস্থানত ভাৰতৰ পুৰণি নীতি সলোৱাৰ কথা কৈছিল নৰেন্দ্র মোদীয়ে। প্রতিৰক্ষা মন্ত্ৰালয়ৰ শেহতীয়া তথ্য মতে, সামৰিক ক্ষেত্রত মোদীৰ ‘আত্মনির্ভৰ ভাৰত’ গঢ়াৰ শ্লোগানৰ প্রত্যাশাতকৈও বেছি সাফল্য লাভ কৰা গৈছে।

বুধবাৰে প্রতিৰক্ষা মন্ত্ৰালয়ৰ বিবৃতিত কোৱা হৈছে, ২০২১-২২ বিত্তীয় বর্ষত অস্ত্র আৰু সামৰিক সৰঞ্জামৰ বাবে বাজেটত আবণ্টনৰ মুঠ ৬৪ শতাংশ আভ্যন্তৰীণ উৎপাদন ক্ষেত্রত ব্যয়ৰ লক্ষ্য ধার্য কৰা হৈছিল।
কিন্তু সেয়া অতিক্ৰম কৰি ব্যয় হৈছে ৬৫.৫ শতাংশ। উক্ত বিত্তীয় বর্ষত অস্ত্র আৰু সামৰিক সৰঞ্জামৰ বাবে আবণ্টিত ৯৯.৫ শতাংশ ব্যয় কৰা সম্ভৱ হোৱা বুলি জনাইছে প্রতিৰক্ষা মন্ত্ৰালয়ে।











