ASSAM TIMES POST
ডিফু: শাৰদীয় দুৰ্গা পূজাৰ আনন্দ, উল্লাসৰ মাজতে যোৱা ৪ অক্টোবৰত ডিফুত শশুৰেকে দাৰে ঘপিয়াই প্ৰাণ লৈছিল আপোন পুত্ৰ বোৱাৰীৰ ৷
ফলত জন্মদিনৰ দিনতেই মাতৃহাৰা হৈছিল এটি তিনি বছৰীয়া দেৱশিশু৷ ঘটনা সংঘটিত কৰিয়েই পলাতক অৱস্থাত আছিল হত্যাকাৰী শশুৰ মনোৰঞ্জন মালাকাৰ ৷ যোৱা শণিবাৰে ডিফু থানা এলেকাৰ বিৰলাত আত্মগোপন কৰি থকা এখন ঘৰৰ পৰা হত্যাকাৰী মনোৰঞ্জনৰ পুত্ৰ তথা নিহত মামনি বৰা স্বামী সজল মালাকাৰ আৰু স্থানীয় লোকৰ সহযোগত মনোৰঞ্জন মালাকাৰক ডিফু আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ৷
আৰক্ষীয়ে ডিফু থানাৰ গোছৰ নং ২৭৮/২০১৯ নম্বৰত ভা:দ:বিঃ অধীনত ডিফু ন্যায়িক আদালতৰ জৰিয়তে হত্যাকাৰীক ডিফু জেললৈ প্ৰেৰণ কৰে ৷ আৰক্ষীৰ আগত হত্যাকাৰীয়ে বোৱাৰী হত্যাৰ অপৰাধৰ কৰা স্বীকাৰ কৰিছে বুলি আৰক্ষীয়ে জনাইছে ৷
উল্লেখযোগ্য যে, ডিফু থানা এলেকাৰ বাঘমাৰীৰৰ ৰংচিক্লামত বিয়লি দুই মান বজাত পুত্ৰ ঘৰত নথকা অৱস্থাত মদাহী শশুৰ মনোৰঞ্জন মালাকাৰে পুত্ৰ বোৱাৰী মামনি বৰা (১৯) ৰ সৈতে কাজিয়াত লিপ্ত হৈ অৱশেষত বোৱাৰী মামনি বৰাক দাৰে ডিঙিত ঘপিয়াই আহত কৰে ৷
ৰক্তাক্ত অৱস্থাত বোৱাৰী মামনি চোতালত পৰি থাকে ৷ পিছত মামনি বৰাৰ স্বামীয়ে খবৰ লাভ কৰি ঘৰত আহি পত্নীৰ ৰক্তাক্ত অৱস্থাত উদ্ধাৰ কৰি ডিফু চিভিল হাস্পাতাললৈ আনে যদিও বাটতে প্ৰাণ ত্যাগ কৰে মামনি বৰাই ৷
হত্যা কৰিয়েই হত্যাকাৰী পলাই যায় ৷ হত্যাকাৰীক কৰায়ত্ত কৰাত আৰক্ষীৰ এনে সফলতাত ডিফুবাসীয়ে উচ্চ প্ৰশংসা কৰিছে লগতে হত্যাকাৰী শশুৰ মনোৰঞ্জন মালাকাৰক উচিৎ শাস্তি প্ৰদান কৰাৰ দাবী জনাইছে ।