ASSAM TIMES POST
নতুন দিল্লীঃ দীপাৱলীত নতুন দিল্লীত আক্ৰমণ সংঘটিত কৰিবলৈ নেপালত খাপ পিটি আছে অতি কমেও ৫ টা সন্ত্ৰাসবাদীয়ে। চোৰাংচোৱা সংস্থাই বৃহস্পতিবাৰে এই কথা সদৰী কৰিছে।
চোৰাংচোৱা সংস্থাই উল্লেখ কৰা অনুসৰি, সন্ত্ৰাসবাদী কেইটাই ভাৰতত কিদৰে প্ৰৱেশ কৰি আক্ৰমণ সংঘটিত কৰিব, তাকে লৈ ফোনযোগে হোৱা বাৰ্তালাপৰো সৱিশেষ সম্প্ৰতি উদ্ধাৰ কৰা হৈছে।
এই বাৰ্তালাপৰপৰা সিহঁতৰ যে কাশ্মীৰৰ কোনো এজেন্ট দিল্লীত বাহৰ পাতি আছে সেই কথাও ওলাই পৰিছে। সন্ত্ৰাসবাদীকেইটাৰ শেহতীয়া অৱস্থান গোৰখপুৰৰ সমীপৱৰ্তী ভাৰত-নেপাল সীমান্ত বুলি চিনাক্ত কৰা হৈছে।













