![]()
দক্ষিণ কামৰূপৰ গৰৈমাৰীত ১৫ বছৰীয়া কিশোৰীক অচিনাক্ত দুৰ্বৃত্তই ধৰ্ষণ কৰি পেলাই দিলে ৰাজপথত। ঘটনাটোক লৈ গৰৈমাৰী অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
গৰৈমাৰী আৰক্ষীয়ে অনুসন্ধানযোগে অভিযুক্তৰ নাম আৰু মোবাইল নম্বৰ লাভ কৰিছে যদিও বৰ্তমানলৈকে লম্পটটোৰ প্ৰকৃত পৰিচয় চিনাক্ত হোৱা নাই।
জানিব পৰা মতে, গৰৈমাৰী বজাৰৰ হাতেম চৌধুৰী শিশু নিকেতনৰ ওচৰৰ গুমী-গৰৈমাৰী গড়কাপ্তানি পথৰ দাঁতিত স্থানীয় ৰাইজে কিশোৰী জনীক মুমূৰ্ষ অৱস্থাত উদ্ধাৰ কৰি গৰৈমাৰী সামূহিক স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰোৱায়। তৎস্বত্বেও, কিশোৰী গৰাকীক গোপনস্থানেদি নিৰন্তৰ ৰক্তক্ষৰণ হোৱাৰ ফলত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।













