ASSAM TIMES POST
ডিফু: আজি পুৱা কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ অধীনস্থ উদ্যোগ আৰু বাণিজ্য বিভাগৰ অতিৰিক্ত কাৰ্যালয় নিৰ্মাণৰ আধাৰশিলা স্থাপন কাৰ্য সম্পন্ন হয় ৷
৫ কোটি ৩০ লাখ ব্যয় সাপেক্ষে নিৰ্মাণ হবলগীয়া উদ্যোগ আৰু বাণিজ্য বিভাগৰ অতিৰিক্ত সঞ্চালকৰ কাৰ্যালয়ৰ আধাৰ শিলা স্থাপন কৰে কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ৷

আধাৰশিলা স্থাপন কাৰ্যসূচীত উপস্থিত থাকে তিনি পাৰ্বত্য জিলীৰ সাংসদ হৰেণছিংবে’, পৰিষদৰ উপাধ্যক্ষ ৰিতেশ ইংহী কেইবাগৰাকী ইএম, এমএচি পৰিষদৰ প্ৰধান সচিব, সচিব সকল আৰু কেইবাগৰাকী বিষয়া ৷













