![]()
দক্ষিণ কামৰূপৰ গৰৈমাৰীত সংঘটিত এক জঘন্য ধৰ্ষণকাণ্ডৰ গৰৈমাৰী আৰক্ষীয়ে ইতিমধ্যে অভিযান আৰম্ভ কৰিছে। এই অভিযানত ২৪ ঘণ্টা নৌহওঁতেই আৰক্ষীয়ে আটক কৰিলে মূল অভিযুক্ত ৰবিউল হকক।
উল্লেখ্য যে, ১৫ বছৰীয়া কিশোৰী গৰাকীক ধৰ্ষণ কৰি ৰাষ্টাত পেলাই পলাতক অৱস্থাত আছিল অভিযুক্ত। স্থানীয় ৰাইজে ছোৱালীজনীক উদ্ধাৰ কৰি গৰৈমাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱায়। পিছলৈ, গৰৈমাৰী আলিকাষৰ পৰা অভিযুক্ত ৰবিউলক আটক কৰে আৰক্ষীয়ে।আৰক্ষীয়ে আটক কৰা পিছত ধৰ্ষণকাৰীক সোধপোছ অব্যাহত ৰাখিছে।













