![]()
মাইক্রোছফটৰ সহ-প্রতিষ্ঠাতা বিল গেটছ কৰোনাত আক্রান্ত হৈছে। মঙ্গলবাৰে কৰোনা পজিটিভ হোৱাৰ তথ্য জনাই নিজেই টুইট কৰিছে শীর্ষস্থানীয় ধনকুবেৰগৰাকীয়ে। কৰোনা পজিটিভ হোৱাৰ পিছত আইছ’লেচনত আছে বুলিও তেওঁ জনাইছে।
টুইট কৰি বিল গেটছে কয়, ‘মই কৰোনা পজিটিভ। মৃদু উপসর্গ আছে। বিশেষজ্ঞ চিকিৎসকৰ পৰামর্শত সম্পূৰ্ণ সুস্থ নোহোৱা পর্যন্ত নিজকে আইচ’লেছনত ৰাখিছোঁ।’
আন এটি টুইটত তেওঁ লিখে, ‘মই সৌভাগ্যৱান যে মই টীকা পাইছো আৰু পৰীক্ষা-নিৰীক্ষা আৰু ভাল চিকিৎসা, সেৱা লাভ কৰিছো।’ উল্লেখ্য, কেইমাহমান পূৰ্বেই কৰোনা টীকাৰ বুষ্টাৰ ড’জ লৈছিল বিল গেটছে।












