ASSAM TIMES POST
ডিফু: সদৌ ডিফু নামঘৰ সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত আৰু ডিফু সাহিত্য সভাৰ আকাশ অনুষ্ঠানৰ সহযোগত অহা ২০ অক্টোবৰ (দেওবাৰ)ত কাৰ্বি আংলঙৰ সদৰ ডিফুস্থিত ডিফু ক্লাবত মহিলা শিল্পীয়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰদ্বাৰা ৰচিত ৰুক্মিণীহৰণ নাটখনি মঞ্চস্থ কৰিব। অসমীয়াৰ লগতে কাৰ্বি, বড়ো, ডিমাছা আৰু তিৱা ভাষাত নাটখনি মঞ্চস্থ কৰা হ’ব।
সেইদিনা সন্ধিয়া ৭ বজাত ভাওনাখনি উদ্বোধন কৰিব মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীয়ে। ভাওনাখনি উদ্বোধনৰ পূৰ্বে বন্তি প্ৰজ্বলন কৰিব অসম সাহিত্য সভাৰ জাতীয় আদৰ্শ শিক্ষা সংসদৰ উপ সচিব প্ৰভাত দাসে।
এক বিবৃতিযোগে উক্ত কাৰ্যসূচীত ৰাইজৰ উপস্থিতি কামনা কৰিছে সদৌ ডিফু নামঘৰ সমন্বয়ৰক্ষী সমিতিৰ সম্পাদক বিনয় মহন্ত আৰু ডিফু সাহিত্য সভাৰ সম্পাদক ডাঃ ব্ৰহ্মানন্দ বৰাই।













