![]()
অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত অসম আৰক্ষীৰ সদ্য নিযুক্তি প্ৰসংগত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ সংবাদমেল।অসম আৰক্ষী সদ্য ঘোষিত পৰীক্ষা ফলাফল আৰু নিযুক্তি সম্পূৰ্ণ স্বচ্ছ-নিকা।পদসমূহ সম পৰ্যায়ৰ হোৱাৰ বাবে একেলগে হৈছিল পৰীক্ষা।
শাৰীৰিক পৰীক্ষা কেন্দ্ৰ আছিল মুঠ ৩৩টা।বিপৰীতে ২০ ফেব্ৰুৱাৰীত ছেবাই ১০খনক জিলাত পদসমূহৰ লিখিত পৰীক্ষা অনুষ্ঠিত কৰিছিল।সৰ্বমুঠ ১৪টা শাখা বাবে এই পৰীক্ষা অনুষ্ঠিত হৈছিল।ফলাফল ঘোষণা বাবে দুমাহৰ সময় প্ৰয়োজন হয়- মহন্তই কয়।
ফলাফল ঘোষণাত পলম হোৱা প্ৰসংগত তেওঁ আৰু কয়-৪১৪জন প্ৰাৰ্থীৰ কম্পিউটাৰ চাৰ্টিফিকেট ভুৱা আছিল।সেইসমূহ পৰীক্ষা কৰোঁতে প্ৰয়োজন হৈছিল সময়।বিসংগতিপূৰ্ণ চাৰ্টিফিকেট জমা দিয়া প্ৰাৰ্থী বিৰুদ্ধে চি আই ডিত ৫/২০২২নম্বৰত এটা গোচৰ ৰুজু কৰা হৈছে।ইতিমধ্যে অনুসন্ধান অব্যাহত ৰাখিছে বুলিও লগতে তেওঁ কয়।
ইফালে ১৫৪টা SPOৰ পদৰ নিযুক্তিত উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপ থকা বাবে শনিবাৰে নিযুক্তি দিব পৰা নগল।এতিয়া অৱশ্যে ন্যায়ালয়ে নিযুক্তিৰ দিয়া নির্দেশ দিছে।ন্যায়ালয়ৰ নিৰ্দেশ পালেই কাম-কাজ আগবঢ়াই নিয়া হব- মহন্তই কয়।
ইফালে সদ্য নিযুক্তিৰ প্ৰক্ৰিয়াত কনিষ্টবলৰ UB শাখাত মহিলাৰ প্ৰতিনিধিত্ব ৩০শতাংশলৈ বৃদ্ধি প্ৰচেষ্টা কৰা হয় বুলিও অসম আৰক্ষী সঞ্চালক গৰাকীয়ে কয়।এইবাৰ নিযুক্তিত UB ত২৩.৭৯% মহিলাই নিযুক্তি পাইছে।
আনহাতে ইতিমধ্যে হৈ যোৱা উপ পৰিদৰ্শকৰ লিখিত পৰীক্ষা আৰু কনিষ্টবল শাৰীৰিক পৰীক্ষাৰ ফলাফল শীঘ্ৰে ঘোষণা হব বুলিও মহন্তই কয়।তেওঁ জানিব দিয়া মতে ফলাফল ওলাব লগা মুঠ পদ প্ৰায় ৫ হাজাৰ।
ইফালে, নৱনিযুক্ত কনিষ্টবলসকলক ডিজিপিয়ে সতৰ্ক হোৱাৰ আহ্বান জনাই কয়- মধ্যভোগী জালত নপৰিব। কোনোবা মধ্যভোগীয়ে জোতা,কাপোৰ,ট্ৰাংক আদি কিনি দিব বিচাৰিলে নল’ব।













