ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

নেৰেনেপেৰা বৰষুণৰ ফলত এসপ্তাহ ধৰি ডিমা হাছাওত প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ

ASSAM TIMES POST by ASSAM TIMES POST
May 15, 2022
Reading Time: 1 min read
A A
0
নেৰেনেপেৰা বৰষুণৰ ফলত এসপ্তাহ ধৰি ডিমা হাছাওত প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ

logo new 2 1 | ASSAM TIMES POST

RELATED POSTS

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

ডিমা হাচাও জিলাত বিগত প্ৰায় এসপ্তাহ ধৰি প্ৰকৃতিৰ সংহাৰৰ ফলত সৃষ্টি হোৱা সংকট আজিও অব্যাহত আছে। আজি পুৱাৰে পৰা অব্যাহত থকা মূষলধাৰ বৰষুণৰ ফলত ইতিমধ্যে সীমাহীন ক্ষয়-ক্ষতিৰ সম্মুখীন হৈ আক্ৰান্ত হোৱা লোকসকলৰ বিড়ম্বনা অধিক বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

ডিমা হাছাওত প্ৰকৃতিৰ ৰুদ্ৰ ৰূপউল্লেখযোগ্য, যে কালি পুৱাৰ ভাগতে জিলাখনৰ সদৰ চহৰ হাফলঙ সমীপৰ হুকাইপুঞ্চীত ভূমিস্খলনৰ ফলত একেটা পৰিয়ালৰ তিনিজনকৈ লোকক জীৱন্তে সমাধিস্থ হোৱাৰ পিছত কালি কোনোমতে এজনৰ মৃতদেহ উদ্ধাৰ কৰিব পৰা যায় যদিও বাকী দুটাকৈ মৃতদেহ আজি বিয়লিপৰ্যন্ত উদ্বাৰ কৰিব পৰা হোৱা নাই বুলি জানিব পৰা গৈছে।

বিশেষকৈ বতৰৰ প্ৰতিকূলতাৰ বাবে বাকী মৃতদেহকেইটা উদ্বাৰৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হোৱা বুলি জানিব পৰা গৈছে। বিৰতিহীনভাৱে আজি সমগ্ৰ দিনজুৰি জিলাখনত অব্যাহত থকা বৰষুণৰ বাবে উদ্বাৰ অভিযান ব্যাহত হোৱা বুলি জানিব পৰা গৈছে। ইয়াৰ মাজতে উত্তৰ কাছাৰৰ স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গোৰ্লোছা’ হুকাইপুঞ্চীত উপস্থিত হৈ ভূমিস্খলনত কালি একেটা পৰিয়ালৰ তিনিজনকৈ লোকে শোকাৱহভাৱে মৃত্যুক সাৱটি লোৱা ঘটনাৰ বুজ লোৱাৰ লগতে এলেকাটোৰ পৰিস্থিতিৰ বুজ লয়।

ডিমা হাছাওআজি জিলাখনত বিশেষ কোনো নতুনকৈ ভূমিস্খলনৰ ঘটনা সংঘটিত হোৱাৰ বাতৰি পোৱা নাই যদিও হাফলঙৰ সমীপৱৰ্তী মালহুই এলেকাৰ গিলগাল গাঁৱত ভূমিস্খলনৰ আতংকই গাঁওবাসীক শংকিত কৰি তোলাৰ বাতৰি পোৱা গৈছে। পাহাৰীয়া এলেকাত থকা গাঁওখনৰ মাটিত আজি ফাঁট মেলা প্ৰত্যক্ষ কৰি গাঁওখনত থকা কমেও ত্ৰিশটাকৈ পৰিয়ালে ভূমিস্খলনৰ আশাংকাত গাঁও এৰি অন্য কোনো নিৰাপদ স্থানলৈ আঁতৰি যোৱা বুলি জানিব পৰা গৈছে।

জিলাখনত শেহতীয়াকৈ প্ৰাকৃতিক দুৰ্যোগৰ ফলত ব্যাপক পৰিমাণৰ ব্যাক্তিগত আৰু ৰাজহুৱা সম্পত্তিৰ হানি হোৱাৰ মাজতে জাতিংগা নদীৰ ওপৰত থকা হামধন মোহন হাফলংবাৰ দলংখন বাঢ়নী পানীত বেয়াকৈ ক্ষতিগ্ৰস্থ হোৱাৰ বাতৰি পোৱা গৈছে।

উল্লেখযোগ্য যে, জাতিংগা নৈৰ ওপৰত থকা দলংখনেই হাৰাংগাজাও তথা ইয়াৰ চুবুৰীয়া এলেকাটোক ডিমাহাচাও জিলাৰ অন্য প্ৰান্তৰ সৈতে সংযুক্ত কৰি ৰাখিছিল যদিও দলংখন পানীয়ে উটুৱাই নিলে হাৰাংগাজওৰ বৃহৎ এলেকা, জিলাখনৰ অন্য প্ৰান্তৰ সৈতে সংযোগবিহীন হৈ পৰাৰো আশংকা কৰা হৈছে।

দলংখনৰ ওপৰেৰে ইতিমধ্যে সৰু-বৰ সকলোধৰণৰ যান-বাহনৰ আহ-যাহ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে। আন এক সূত্ৰই বাঢ়নী পানীয়ে দলংখন উটুৱাই নিয়া বুলি দাবী কৰিছে যদিও এই সন্দৰ্ভত এতিয়ালৈকে কোনো নিশ্চিত তথ্য লাভ কৰিব পৰা হোৱা নাই। বিগত কেইদিন ধৰি অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলত বাঢ়ি অহা পানীয়ে এলেকাটোৰ জাতিংগা নৈৰ পাৰত থকা কিছু সংখ্যক আৱাসগৃহ ক্ষতিগ্ৰস্থ কৰিছে যদিও বৰষুণৰ এই ধাৰা অব্যাহত থাকিলে এলেকাটোত হাৰাংগাজাও চহৰকে ধৰি অধিক লোক আক্ৰান্ত হোৱাটো নিশ্চিত।

ইফালে, শেহতীয়াকৈ অব্যাহত থকা প্ৰাকৃতিক দুৰ্যোগৰ ফলত জিলাখনৰ ৰে’লপথ অতি বেয়া কৈ ক্ষতিগ্ৰস্থ হোৱাৰ বাতৰি পোৱা গৈছে। জিলাখনৰ নিউ হাফলং ষ্টেচনত গুৱাহাটী-শিলচৰ যাত্ৰীবাহী ৰে’লখন আবদ্ধ হৈ পৰাৰ বিপৰীতে ভিটকচেৰাত শিলচৰ-গুৱাহাটী যাত্ৰীবাহী ৰে’লখন আবদ্ধ হৈ থকা বুলি জানিব পৰা গৈছে।

আদবাটে দুখনকৈ যাত্ৰীবাহী ৰে’ল এইদৰে অনাকাংক্ষিতভাৱে আবদ্ধ হৈ পৰিবলগীয়া হোৱাত যাত্ৰীসকল সীমাহী দুৰ্দশাৰ সন্মুখীন হ’বলগীয়া হৈছে। নিউ হাফলং ষ্টেচনত আবদ্ধ হৈ পৰা যাত্ৰীসকলক আসাম ৰাইফলছৰ তৰফৰ পৰা খাদ্য সামগ্ৰীৰ যোগান ধৰাৰ লগতে হাফলংৰ বিধায়িকা নন্দিতা গাৰ্লোছা আৰু স্থানীয় কেতবোৰ সংগঠন উদ্যোগত আদবাটত আবদ্ধ হৈ পৰা ৰে’ল যাত্ৰীসকলক আহাৰ পানী যোগানৰ ব্যৱস্থা কৰা হৈছে।

আজি স্থানীয় প্ৰশাসনে বাছৰ সহায়েৰে ইয়াৰে একাংশ যাত্ৰীক গুৱাহাটীলৈ নিয়াৰ ব্যৱস্থা কৰিছে। আনহাতে, বাছেৰে যাব নোৱাৰ যাত্ৰীসকলক উদ্বাৰৰ বাবে বায়ুসেনাবাহিনীকো সাজু কৰি ৰখা হৈছে বুলি জানিব পৰা গৈছে। আনহাতে, ভিটকচেৰাৰ পৰা একাংশ ৰে’ল যাত্ৰীয়ে খোজকাঢ়িয়ে শিলচৰৰ অভিমুখে উভতি যাবলৈ লোৱা বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে, শেহতীয়াকৈ প্ৰাকৃতিক দুৰ্যোগৰ ফলত জিলাখনৰ ৰে’লপথসমূহৰ অৱস্থাত তেনেই তথেবচ হৈ পৰিছে।

বাঢ়নী পানীয়ে ৰে’লপথৰ ভালেখিনি অংশ খহাই-উটুৱাই নিয়াৰ ফলত কোনো কোনো এলেকাত ৰে’লৰ চিৰি ওলমি থকাৰ দৰে পৰিস্থিতিৰ হোৱা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, বৃষ্টিপাতৰ তীব্ৰতা হ্ৰাস পালেহে পুনৰ ৰে’ল সমূহৰ মেৰামতিৰ কাম আৰম্ভ কৰিব পৰা যাব্ দুৰ্যোগৰ ফলত ৰে’লপথৰ কিমান ক্ষতিসাধন হৈছে সেয়া এতিয়ালৈকে নিশ্চিত কৰাটো সম্ভৱপৰ হৈ নুঠাৰ বাবে উক্ত পথেৰে ৰে’লৰ চলাচলৰ বাবে ৰে’ল পথচোৱা মেৰামতি কৰি সাজু কৰি তুলিবলৈ সময়ত প্ৰয়োজন হ’ব সেয়া এতিয়া সম্পূৰ্ণৰূপে অনিশ্চয়তাৰ মাজত।

অৱশ্যে উত্তৰ কাছাৰ স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য, দেৱলাল গোৰ্লোছা’ই ক্ষতিগ্ৰস্থ এলেকাসমূহৰ ভ্ৰমণ কৰি ক্ষয়-ক্ষতিৰ বুজ লোৱাৰ লগতে ক্ষয়-ক্ষতিৰ সম্মুখীন হোৱা লোকসকলক সাহস দিয়াৰ চেষ্টা কৰা দেখিবলৈ পোৱা গৈছে। এতিয়া প্ৰকৃতিৰ দয়াৰ ওপৰতে জিলাখনৰ দুৰ্যোগপূৰ্ণ পৰিস্থিতিৰ ভাল-বেয়া সকলো নিৰ্ভৰ কৰিছে। অতি শীঘ্ৰে জিলাখনত বৰষুণৰ অন্ত নকৰিলে জিলাবাসীয়ে অধিক পৰিমাণে আক্ৰান্ত হোৱাৰ সম্ভাৱনা নোহোৱা নহয়।

Tags: ডিমা হাছাওত প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ
Share4Tweet3Send

Related Posts

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ
KARBI ANGLONG

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

by Staff Reporter
July 16, 2026
50
Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী
KARBI ANGLONG

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী

by News Desk
July 11, 2026
50
‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১
KARBI ANGLONG

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

by Staff Reporter
July 9, 2026
50
Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত
KARBI ANGLONG

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

by Staff Reporter
July 7, 2026
50
Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক
KARBI ANGLONG

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

by News Desk
July 4, 2026
50
Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ
KARBI ANGLONG

Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ

by News Desk
July 3, 2026
50
ADVERTISEMENT
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
National-International

Sonam Wangshuk I দিল্লী আৰক্ষীয়ে বলপূৰ্বকভাৱে উঠাই নিলে সোণম ৱাংচুকক, চিকিৎসালয়ত ভৰ্তি

July 18, 2026
50
Sonam Wangchuk Hospitalized, CJP’s Abhijeet Dipke Starts Strike
National-International

Sonam Wangchuk Hospitalized, CJP’s Abhijeet Dipke Starts Strike

July 18, 2026
50
Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন
Assam

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

July 17, 2026
50
ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ
National-International

ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ

July 17, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

Sonam Wangshuk I দিল্লী আৰক্ষীয়ে বলপূৰ্বকভাৱে উঠাই নিলে সোণম ৱাংচুকক, চিকিৎসালয়ত ভৰ্তি

July 18, 2026
Sonam Wangchuk Hospitalized, CJP’s Abhijeet Dipke Starts Strike

Sonam Wangchuk Hospitalized, CJP’s Abhijeet Dipke Starts Strike

July 18, 2026
Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

July 17, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx