![]()
কাশ্মীৰৰ হিন্দু পণ্ডিতসকলক অবিলম্বে কাশ্মীৰ এৰাৰ নির্দেশ দিলে সন্ত্ৰাসবাদী সংগঠন লস্কৰ-এ-ইছলামে। পত্ৰ দি কাশ্মীৰৰ পণ্ডিত সম্প্রদায়ক তেওঁলোকে জনাইছে, ‘হয় কাশ্মীৰ এৰা, নহ’লে মৃত্যু সাৱটি লোৱা!’
বৃহস্পতিবাৰে কাশ্মীৰত পণ্ডিত সম্প্রদায়ৰ এজন চৰকাৰী কৰ্মচাৰীক গুলীয়াই হত্যা কৰে সন্ত্ৰাসবাদীয়ে। ৰাহুল ভট্ট নামৰ যুবকজনৰ হত্যাৰ ঘটনাৰ পিছত সন্ত্ৰাসবাদী সংগঠন ‘কাশ্মীৰ টাইগাৰ্ছ’-এ দায়িত্ব স্বীকাৰ কৰে। ঘটনাটিৰ প্রতিবাদত এতিয়াও বিক্ষোভ প্ৰদৰ্শন কৰি আছে কাশ্মীৰী পণ্ডিতসকলে।
ইয়াৰ মাজতেই এই পত্ৰখন। দেওবাৰে কাশ্মীৰৰ পুলৱামাৰ হালৱাত যি শৰণার্থী কলেনিত কাশ্মীৰী পণ্ডিতসকল থাকে, তালৈ আহিছে উক্ত পত্ৰখন। হালৱাৰ শৰণার্থী কলেনিৰ সভাপতিলৈ লেখা পত্ৰখনত হত্যাৰ স্পষ্ট ভাবুকিও দিয়া হৈছে কাশ্মীৰী পণ্ডিতসকলক।











