নগাঁও,১৯ অক্টোবৰ : নগাঁও আৰক্ষীয়ে কালি নিশা এক অভিযান চলাই নগাঁও চহৰৰ আমিনপট্টিৰ এজন সুলভ মূল্যৰ ব্যৱসায়ীৰ ঘৰৰ পৰা বৃহৎ পৰিমানৰ চোৰাং চাউল জব্দ কৰিবলৈ সক্ষম হয়।নগৰ আৰক্ষীৰ উপপৰিদৰ্শক গৌৰৱ জ্যোতি মহন্তৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে ইনটেখাৱ আলম নামৰ সুলভ মূল্যৰ ব্যৱসায়ীজনৰ ঘৰত তালাচী চলাই দুখীয়া ৰাইজৰ বাবে আৱন্টিত ৪০৫ বেগ চাউল জব্দ কৰে।চাউলখিনি ডিফলু সমবায়ৰ পৰা চোৰাংভাবে বিক্ৰী কৰিবৰ বাবে অনা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।ইপিনে আৰক্ষীৰ আগমনৰ বাতৰি পাই ইনটেখাৱে পলায়ন কৰে।আৰক্ষী সূত্রৰ পৰা জানিব পৰামতে পিতৃৰ নামত থকা এই সুলভ মূল্যৰ দোকানখন পুত্ৰ ইনটেখাৱে দীৰ্ঘদিন ধৰি চলাই আহিছে।













