ASSAM TIMES POST
ডিফুঃ সমগ্ৰ ৰাজ্যৰ লগত সংগতি ৰাখি কাৰবি আংলঙৰ বিভিন্ন প্ৰান্তত জগতগুৰু শ্ৰীশ্ৰী শংকৰ দেৱৰ ৫৭১ সংখ্যক আভিৰ্ভাৱ তিথিটি বৰ্ণ্যাঢ়্য কাৰ্যসুচীৰে পালন কৰা হয় ৷ কাৰবি আংলঙ জিলাৰ হাওৰাঘাট নগৰৰ নামঘৰত মহাপুৰুষ জনাৰ আভিৰ্ভাৱ তিথি বিস্তৃত কাৰ্যসূচীৰ মাজেৰে উদযাপন কৰা হয় ৷

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কাৰবি আংলং জিলা শাখাৰ সভাপতি ভৱ ৰাজবংশীয়ে সংঘৰ পতাকা উত্তোলন কৰে ৷ কাৰ্যসূচী অনুসৰি বৃক্ষ ৰোপনৰ পিছত হাওৰাঘাট নগৰৰ মাজেৰে সাংস্কৃতিক আৰু ভাগৱত শোভাযাত্ৰা বাহিৰ কৰা হয় ৷ বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাই চহৰখনত এক নান্দনিক আৰু দৃষ্টিনন্দন পৰিবেশ বিৰাজ কৰে ৷

শোভাযাত্ৰাত অংশ গ্ৰহণকাৰী সকলৰ মুখেৰে নিঃসৰিত হোৱা পৱিত্ৰ হৰিণাম ধ্বনিৰে হাওৰাঘাট নগৰৰ চৌদিশ মুখৰিত হৈ পৰে ৷ মহোৎসৱত দশাৱতাৰ নৃত্য, দিহানাম, বৰগীত আদি পৰিবেশন কৰা হয় ৷ বিয়লি সংঘৰ জিলা শাখাৰ সভাপতি ভৱ ৰাজবংশীৰ পৌৰুহিত্যত বিশিষ্ট বক্তা সকলে জগত গুৰুজনাৰ জাতীয় জাৱনলৈ আগবঢ়াই যোৱা অৱদান আৰু মহৎ আদৰ্শৰ ওপৰত বহুমুলীয়া ভাষণ আৰু গুৰুজনাৰ জীৱনৰ ওপৰত বিস্তৃত ভাবে আলেকপাত কৰে ৷

মুকলি সভাত সংঘৰ প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰফুল্ল বৰা আৰু শিক্ষা সচিব তুলসী মোহন বৰাকে প্ৰমুক্খ্য কৰি কেইবাগৰকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷













