![]()
ৰাষ্ট্ৰসংঘই চিহ্নিত কৰা আন্তৰ্জাতিক দিৱসটিৰ বোধ আৰু সজাগতা বৃদ্ধিৰ বাবে আজি ডিফুত উদযাপন কৰা হয়। সহজ কথাত ক’বলৈ হ’লে নিজৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ বিভিন্ন অঞ্চলত সহজলভ্য জীৱ বৈচিত্ৰ্য হ’ল বিভিন্ন প্ৰকাৰৰ জীৱন যেনে, জীৱ, উদ্ভিদ, ভেঁকুৰ অনুজীৱবোৰ ৷
সৃষ্টিৰ সময়ৰ পৰা পৃথিৱীৰ ধাৰণাও পৰিৱেশ সজাগতাৰ ওপৰত নিহিত হৈ আছে। ইয়াৰ আৰম্ভণিৰ পৰাই অসমৰ EIF টীমৰ সদস্যসকলে সজাগতা সৃষ্টিৰ বাবে বৃক্ষৰোপণ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। আজি ডিফু আৰক্ষী অধীক্ষৰ কাৰ্য্যালয়ত EIF ৰ প্ৰতিনিধি ফাৰুক ৰাজাই আঁত ধৰা কাৰ্যসূচীত উপ আৰক্ষী অধীক্ষক নাহিদ কৰিশ্মা, (মূখ্য) উপআৰক্ষী অধীক্ষক (PROBETION) নিলোৎপল শইকীয়াই পৰিৱেশৰ প্ৰতিনিধি হিচাপে উপস্থিত থাকে।
উক্ত কাৰ্যসূচীত উপস্থিত ৰাইজক জীৱ-বৈচিত্ৰতাৰ প্ৰয়োজনীয় আৰু সংৰক্ষণৰ ওপৰত সজাগ কৰি দিয়া হয়। অসমে বিভিন্ন সময়ত বানপানী প্ৰাকৃতিক দুৰ্যোগ এই ধৰণৰ ঘটনাক্ৰম ভূগি আহিছে।
যিবোৰ মানুহ আৰু জীৱ-জন্তু আৰু উদ্ভিদৰ বাবে ভাবুকি কঢ়িয়াই আনিছে। উক্ত জীৱ বৈচিত্ৰ্য দিৱসৰ লগত সংগতি ৰাখি অসমৰ বিভিন্ন জিলাত ৫০০ বিধ বৃক্ষপুলি ৰোপণ কৰা হয় বুলি জানিব পৰা গৈছে।













