![]()
মুখ্যমন্ত্ৰী বিশেষ নিৰীক্ষণ কোষৰ নামত ধন দাবী কৰি গুৱাহাটী মহানগৰীত গ্ৰেপ্তাৰ ৫টা ধৃত।দিছপুৰ আৰক্ষী থানাই দাবী কৰা ধন নিবলৈ আহোঁতে হাতে-লুটে গ্ৰেপ্তাৰ কৰে ৫জনীয়া চক্ৰটোক।
উল্লেখ্য যে অভিযোগ মতে এগৰাকী ঠিকাদাৰক ধন দাবী কৰিছিল ৫জনীয়া চক্ৰটোৱে।
দিছপুৰস্থ গুৱাহাটী চাহ নিলাম কেন্দ্ৰত অভিযান চলাই মুখ্যমন্ত্ৰী বিশেষ নিৰীক্ষণ কোষৰ এছ পি ৰৌজি কলিতা নেতৃত্বত চলা অভিযানত কৰায়ত্ত কৰি দিছপুৰ থানাক গতাই দিয়ে ধৃত চক্ৰটোক।চক্ৰটোৰ পৰা উদ্ধাৰ কৰিছে দুখনকৈ বিলাসী গাড়ী।













