![]()
পুনৰ ৰক্তাক্ত কাশ্মীৰ। বুধগামত নিজৰ ঘৰতেই সন্ত্ৰাসবাদীৰ আক্ৰমণত প্রাণ হেৰুৱালে কাশ্মীৰৰ জনপ্রিয় অভিনেত্রী আমৰিন ভাটে। আৰক্ষী সূত্র মতে, অভিনেত্রীগৰাকীক লক্ষ্য কৰি বুধবাৰে সন্ধিয়া গুলী চলায় তিনিজন সন্ত্ৰাসবাদীয়ে। নিজৰ ঘৰতেই গুলীবিদ্ধ হয় আমৰিন।
সন্ত্ৰাসবাদী আক্ৰমণত গুৰুতৰভাবে আহত হয় অভিনেত্রীগৰাকীৰ নাবালক ভতিজাকো। ততাতৈয়াকৈ আমৰিনক হস্পিটেললৈ নিয়া হয় যদিও শেষৰক্ষা নহ’ল। তাতেই শেষ নিঃশ্বাস ত্যাগ কৰে অভিনেত্রীগৰাকীয়ে।
কেৱল টেলিভিছনতেই নহয়, ছচিয়েল মিডিয়াতো জনপ্রিয় আছিল আমৰিন। সম্ভৱত ইছলামিক ফতোৱা নামানাৰ বাবেই তেওঁৰ ওপৰত আক্ৰমণ চলায় সন্ত্ৰাসবাদীয়ে। আমৰিনৰ ঘৰত প্ৰৱেশ কৰি আক্ৰমণৰ পিছতেই অঞ্চলজুৰি সতর্কতা জাৰি কৰিছে আৰক্ষীয়ে। আৰক্ষীৰ অনুমান, আক্ৰমনকাৰী হয়তো লস্কৰৰ সদস্য।
উল্লেখ্য, বুধবাৰৰ দৰেই মঙ্গলবাৰেও শ্রীনগৰত এজন আৰক্ষীক তেওঁৰ ঘৰৰ সন্মুখতে গুলীয়াই হত্যা কৰে সন্ত্ৰাসবাদীয়ে। উক্ত ঘটনাতো আহত হৈছিল আৰক্ষীজনৰ ৭ বছৰীয়া কন্যা। আমৰিনৰ হত্যাকাণ্ডত তীব্র ক্ষোভ প্রকাশ কৰিছে কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই।











