![]()
আজি এক চাঞ্চল্যকৰ ঘটনাই ডিব্ৰুগড় অঞ্চল জোকাৰি যায়। ৰুকচাৰ খাতুন নামে এগৰাকী মহিলাই নিজ স্বামী ছাজাদ খানক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ অভিযোগ দিয়ে স্বামীৰ পৰিয়ালে। গাড়ীৰ ভিতৰত বহি থকা অৱস্থাত উদ্ধাৰ হয় ছাজাদৰ মৃতদেহ।
আনহাতে, এএচ ০৬ বিচি ০০১২ নম্বৰৰ টাটা এচি গাড়ীখনৰ ভিতৰত পত্নী ৰুকচাৰ খাতুন আৰু বাহনখনৰ হেণ্ডিমেন সন্তোষ কুমাৰক ডিব্ৰুগড়ৰ পদুম নগৰত মৃতদেহৰ সৈতে আৰক্ষীয়ে পোৱাৰ পাছতো বিশেষ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপনৰ লগতে ৰুকচাৰে নিজৰ দুপাত্তাৰ জৰিয়তে ডিঙি চেপি স্বামীক হত্যা কৰাৰো অভিযোগ উঠিছে।
সমগ্ৰ ঘটনা সন্দৰ্ভত প্ৰত্যক্ষদৰ্শী হেণ্ডীমেন সন্তোষে ছাজাদৰ পৰিয়ালে প্ৰথমে আত্মহত্যা বুলিয়েই ভাবিছিল যদিও পৰিয়ালৰ লোকে ছাজাদ খানৰ সৈতে গাড়ীত থকা সন্তুোষৰ ভাষ্যৰ ভিত্তিত আৰক্ষীক গোচৰ তৰাৰ পাছত ডিব্ৰুগড় আৰক্ষীয়ে ২৯৮/২২ নং গোচৰ পঞ্জীয়ন কৰে যদিও বৰ্তমান লৈকে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ কৰিছে ছাজাদৰ পৰিয়াল বৰ্গই।
উল্লেখ্য যে, পাৰিবাৰিক কন্দলৰ বাবে ৰুকচাৰ খাতুনে নিজ পিতৃ গৃহ ডুমডুমাত আছিলগৈ। কিন্তু ছাজাদ খানক হঠাৎ পত্নী ৰুকচাৰ খাতুনে পিতৃ গৃহ ডুমডুমালৈ মাতি পঠোৱাত নিজৰ হেণ্ডীমেন সন্তুোষসহ ছাজাদ খান ডুমডুমালৈ যায়।
সেই অনুসৰি গৈ থকা অৱস্থাত তিনিচুকীয়া বাইপাছত ছাজাদ খানক ৰুকচাৰ খাতুনৰ ভাতৃসহ আন কেইবাজনে শাৰীৰিক ভাবে বৰ্বৰ প্ৰহাৰ কৰি ডিব্ৰুগড়লৈ আনে।ডিব্ৰুগড়ৰ পদুম নগৰত নিশাৰ ভাগত গাড়ীতে অহা ৰুকচাৰ খাতুনে নিজৰ দুপাত্তাৰ জৰিয়তে ডিঙিত চেপি স্বামীক হত্যা কৰে।
এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও প্ৰত্যক্ষদৰ্শীৰ চাঞ্চল্যকৰ ভাষ্যৰ পিছতো হত্যাৰ অভিযুক্ত পত্নী ৰুকচাৰ খাতুনক গ্ৰেপ্তাৰ বা আটক নকৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।













