
যোৱা ২৭ মে’ত ডিফু থানা অন্তৰ্গত সাত মাইলৰ ছেদেং তেৰাং গাঁৱত সংঘটিত হৈছিল উক্ত ধৰ্ষণকাণ্ডধৰ্ষণকাণ্ডৰ অভিযুক্ত ইকবাল হুছেইনক গ্ৰেপ্তাৰ কৰি ডিফু আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছিল ৷
গুৰুতৰ ভাবে অসুস্থ হোৱাৰ বাবে অভিযুক্ত ইকবাল হুছেইনক ডিফু চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতালত চিকিৎসাৰ বাবে আৰক্ষীয়ে ভৰ্তি কৰায় ৷
জানিব পৰা মতে নিশা ১১ মান বজাত প্ৰস্ৰাৱ কৰাৰ ছলেৰে অভিযুক্ত ইকবাল হুছেইনে বাথৰুমলৈ যায় আৰু তাৰ পিছতে বাথৰুমৰ ভেণ্টিলেটৰেৰে ইকবাল হুছেইন পলাই যাবলৈ সক্ষম হয় ৷
ইকবাল হুছেইনৰ বিৰুদ্ধে ডিফু থানাত ৩৫/২০২২ নম্বৰত এক গোছৰ ৰুজো হৈ আছে ৷ধৰ্ষণকাৰী ইকবাল হুছেইনৰ পলায়নৰ ঘটনাকলৈ বৰ্তমান ডিফুত চেপা উত্তেজনা অব্যাহত আছে ৷













