![]()
ধনকুবেৰ বিল গেটছৰ ভৱিষ্যদ্বাণী, আগন্তুক ২০ বছৰৰ ভিতৰত নতুন এক মহামাৰীয়ে আঘাত হানিব। এইটো হ’ব চিনা-জানা কোনো ভাইৰাছ, যিটো হেনো মানৱ জাতিক ধ্বংস কৰি দিবলৈ সক্ষম। দেওবাৰে এল ডিয়াৰোক দিয়া এক সাক্ষাৎকাৰত বিল গেটছে এই কথা কয়।
সাক্ষাৎকাৰটোত বিল গেটছে কয়, ২০ বছৰৰ ভিতৰত পৃথিৱীয়ে নতুন মহামাৰীৰ ধ্বংসাত্মক ৰূপ দেখিব। নতুন এই বীজাণু সৃষ্টি হ’ব প্রকৃতিৰ পৰাই। মূলত জলবায়ু পৰিৱর্তনৰ ফলত জন্ম হ’ব এই নতুন বীজাণু। ২০ বছৰৰ ভিতৰত নতুন মহামাৰীয়ে আঘাত হনাৰ সম্ভাৱনা ৫০ শতাংশ। মাইক্র’ছফ্ট প্রতিষ্ঠাতা গেটছে এইটোকে প্ৰাকৃতিক আতঙ্ক (বায়’-টেৰৰ) বুলিছে।
বিল গেটছে জনাইছে, মহামাৰী মোকাবিলাৰ বাবে এতিয়াৰ পৰাই প্রতিখন দেশে প্রস্তুতি চলোৱা উচিত, গৱেষণাৰ মাধ্যমেৰে সম্ভাব্য সমাধান সূত্ৰৰ সন্ধান কৰিব লাগে।
এই ক্ষেত্ৰত ৩ হাজাৰ বিশেষজ্ঞক লৈ এতিয়াই এটি দল গঠনৰ পৰামর্শ দিয়ে বিল গেটছে। বিশ্ব স্বাস্থ্য সংস্থাক ইয়াৰ বাবে অনুদান দিয়াৰো আহ্বান জনায় গেটছে। নতুন এই মহামাৰী ৰুধিবলৈ বিশ্ব স্বাস্থ্য সংস্থাই প্রতি বছৰে ১০০ কোটি ডলাৰ অনুদান দিয়া উচিত বুলিও তেওঁ কয়। সংস্থাটিৰ বাজেট ২৫ শতাংশ বৃদ্ধিৰো প্রস্তাৱ আগবঢ়ায় গেটছে।











