ASSAM TIMES POST
ডিফুঃ শুভ দীপাৱলীৰ প্ৰাকক্ষণত পাহাৰীয়া সদৰ চহৰ ডিফুত আজি সন্ধিয়া বৃহৎ পৰিমানৰ বিষ্ফোৰক এজন যুৱক আটক হোৱা ঘটনাত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ প্ৰাপ্ত খবৰ অনুসৰি এক গোপন সুত্ৰৰ পমখেদি ডিফুৰ ডিলাজীৰ কাচাৰী ৰংচিংথুৰৰ এটা ঘৰৰ চৌহদত মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ হয় বিষ্ফোৰকখিনি ৷

বিষ্ফোৰক সামগ্ৰীখিনি লালচানচ’ক এফ টুছিং ঘৰৰ চৌহদৰ পৰা উদ্ধাৰ কৰিছে সামগ্ৰীখিনি ৷ ডিফু থানাৰ অ’চি চিৰাজ ইংতিৰ নেতৃত্বত ডিফু আৰক্ষী আৰু চিআৰপিএফে যৌথ অভিযান চলাই বিষ্ফোৰক সহ লালচানচ’ক এফ টুছিংক আটক কৰে ৷ উদ্ধাৰ হোৱা সামগ্ৰী সমূহ ক্ৰমে ৬ পেকেট ব্লাষ্টিং পেকেট, ২৭ ডাল জিলেটিন আৰু ১৫ বাণ্ডিল ব্লাষ্টাং তাঁৰ ৷ ধৃত লালচানচ’ক এফ টুচিঙে সামগ্ৰীখিনি মাছ ধৰিবৰ বাবে মেঘালয়ৰ বন্ধু জ’নৰ পৰা আনি বিক্ৰি কৰিবৰ বাবেহে আনিছিল বুলি স্বীকাৰ কৰাৰ লগতে তেওঁ নীলামী কাপোৰ ব্যৱসায় লগত জৰিত বুলি স্বীকাৰ কৰে ৷

আনহাতে যদিও বিষ্ফোৰখিনি মাছ ধৰিবলৈ অনা হৈছে বুলি কোৱা হৈছে পাহাৰীয়া জিলাখনত দীপাৱলীৰ প্ৰাকক্ষণত বৃহৎ পৰিমানত সামগ্ৰীখিনি উদ্ধাৰ হোৱা ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে ৷ আনহাতে জিলা উপ আৰক্ষী অধীক্ষক (মুখ্য) নাহিদ কৰিশ্মাই সাংবাদিকক জনোৱামতে, শ্বিলঙত জন নামৰ এজন লোক এই সংক্ৰান্ত গ্ৰেপ্তাৰ কৰা হয় আৰু উৎসতে আজিৰ অভিযান চলাই বিষ্ফোৰক সামগ্ৰী সহ যুৱক জনক গ্ৰেপ্তাৰ কৰা হয় ৷ অধিক তথ্যৰ বাবে যুৱকজনক জেৰা অব্যাহত ৰাখিছ।












