![]()
মঙ্গলবাৰে মাজনিশা ছপিয়ানত দুই সন্ত্ৰাসবাদীক নিধন কাশ্মীৰ আৰক্ষীৰ।সন্ত্ৰাসবাদী দুটাৰ ভিতৰত এটা হৈছে যোৱা ২ জুনত কুলগামত এজনে বেঙ্ক মেনেজাৰক বেংকৰ ভিতৰত সোমাই হত্যা কৰিছিল। কাশ্মীৰ আৰক্ষীয়ে টুইট কৰি এই কথা জনাইছে।
আৰক্ষীয়ে জনোৱা মতে, মহম্মদ লোন নামৰ সন্ত্ৰাসবাদীটোৱেই ২ জুনত কুলগামত বেঙ্ক মেনেজাৰ বিজয় কুমাৰক হত্যা কৰিছিল। আনজনৰ নাম তুফেইল গানাই। ঘটনাস্থলীৰ পৰা এটি একে ৪৭ ৰাইফল আৰু আগ্নেয়াস্ত্র উদ্ধাৰ কৰা হৈছে।











