ASSAM TIMES POST
গুৱাহাটীঃ শীতৰ আগমণৰ প্ৰাকক্ষণত অসমত প্ৰৱল বৰষুণৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান বিভাগে। বৃহস্পতিবাৰে লাভ কৰা তথ্য অনুসৰি অনাগত দুটা দিনত অসমকে ধৰি ছিকিম, মেঘালয়তো প্ৰৱল বৰষুণৰ সম্ভাৱনা আছে। এই সময়ছোৱাত অসম আৰু মেঘালয়ত ঘন্টাত ৩০-৪০ কিমি বেগত বতাহ বলিব পাৰে। বতাহৰ সৈতে বিজুলী-ঢেৰকণিও থাকিব।













