ASSAM TIMES POST,নিউজ ডেস্কঃ মাত্ৰ ১১ দিনৰ ভিতৰতে তৃতীয়টো আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক লাভ কৰিলে ধিং এক্সপ্ৰেছ হিমা দাসে৷ অসম কন্যা হিমাই পোলেণ্ড আৰু কুটন’ৰ পাছত এইবাৰ ২০০ মিটাৰত চেক গণৰাজ্যত হোৱা প্ৰতিযোগিতাত স্বৰ্ণ লাভ কৰি নিজৰ শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰিবলৈ সক্ষম হয়৷ চেক গণৰাজ্যৰ ক্লাডন’ত অনুষ্ঠিত প্ৰতিযোগিতাত হিমাই এই পদক লাভ কৰে৷ ক্লাডন’ সোঁৱৰণি এথলেটিকছত অসম কন্যা হিমা দাসে ২৩.৪৩ ছেকেণ্ডত ২০০ মিটাৰত স্বৰ্ণ লাভ কৰিবলৈ সক্ষম হয়৷ উল্লেখ্য যে হিমাই ২ জুলাইত অনুষ্ঠিত পোলেণ্ডৰ প’জনান এথলেটিকছ গ্ৰেণ্ড প্ৰিক্সত ২৩.৬৫ ছেকেণ্ড আৰু কুটন’ এথলেটিকছ মিটত ২৩.৯৭ ছেকেণ্ডত স্বৰ্ণ পদক লাভ কৰিছিল৷ মন কৰিবলগীয়া যে হিমাৰ ব্যক্তিগত শ্ৰেষ্ঠ হ’ল ২৩.১০ ছেকেণ্ড৷