![]()
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বানৰ সময়ছোৱাত জনসাধাৰণৰ দুখ-দুৰ্গতি লাঘৱৰ অৰ্থে বানাক্ৰান্ত অঞ্চলবোৰ ভ্ৰমণৰ লগতে যথাসম্ভৱ প্ৰচেষ্টা হাতত লৈছে ৷ তাৰেই অংশ হিচাপে আজি বৰপেটা জিলাৰ পাটবাউসীস্থিত পাটবাউসী উচ্চ মাধ্যমিক বিদ্যালয়, পাটবাউসী মজলীয়া বিদ্যালয় আৰু বৰপেটা নগৰৰ বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি বন্যাৰ্তই লাভ কৰা সাহায্য তথা তেওঁলোকৰ অভাৱ-অভিযোগৰ বুজ লয়৷

উল্লেখ্য চলিত বৰ্ষৰ দ্বিতীয়টো বানত বৰপেটা জিলাৰ বহু লোকৰ গৃহকে ধৰি অন্যান্য সা-সম্পত্তি ক্ষতিগ্ৰস্ত হৈছে ৷ পৰ্যবেক্ষণ কালত জনসাধাৰণৰ সহায় তথা সকাহৰ অৰ্থে চৰকাৰে যিমানদূৰ সম্ভৱ সহায়ৰ হাত আগবঢ়াব বুলি আশ্বাস দিয়ে ৷ আনহাতে, বৰপেটা নগৰৰ সমীপৰে বৈ যোৱা হাৰিজান খনন কৰি বৃহত্তৰ অঞ্চলটোক ভৱিষ্যতে বানমুক্ত কৰি ৰখাৰ বাবে ৰাজ্য চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে ৰাইজক আশ্বাস দিয়ে ৷
এই দিশত যাতে দীৰ্ঘম্যাদী পৰিকল্পনা গ্ৰহণ কৰিব পৰা যায় তাৰ বাবে মন্ত্ৰী পীযুষ হাজৰিকাই বৰপেটা ভ্ৰমণ কৰিব বুলিও লগতে তেওঁ কয়৷ আনহাতে, এই ভ্ৰমণৰ সময়তে মহাপুৰুষ দুজনাৰ একান্ত অনুগামী, বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া তথা শ্ৰীমন্ত শংকৰদেৱ বঁটাপ্ৰাপক বশিষ্ঠদেৱ শৰ্মাৰ আশিস গ্ৰহণ কৰে মুখ্যমন্ত্ৰীয়ে ৷

শিবিৰসমূহ পৰিদৰ্শনকালত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, জিলা উপায়ুক্ত তেজপ্ৰসাদ ভূষাল উপস্থিত থাকে ৷
আনহাতে, ভ্ৰমণকালত পাটবাউসী শ্ৰীশ্ৰীশংকৰদেৱ থানলৈ গৈ ৰাজ্যবাসীৰ কুশল-মংগল কামনা কৰি সেৱা জনাই আশিস গ্ৰহণ কৰে মুখ্যমন্ত্ৰীয়ে৷ মুখ্যমন্ত্ৰীয়ে কয়, “মহাপুৰুষ শ্ৰীশ্ৰীদামোদৰদেৱে ১৪৬২ শকত স্থাপন কৰা আদিধাম পাটবাউসী সত্ৰৰ পৱিত্ৰ ভূমিলৈ আহি গুৰুজনাৰ আশিস লৈ ধন্য হলোঁ৷”

সেই সময়ত সত্ৰখনত উপস্থিত থকা সঠিয়া সত্ৰৰ সত্ৰাধিকাৰ নাৰায়ণ চন্দ্ৰ দেৱগোস্বামীকো সাক্ষাৎ কৰি আশীৰ্বাদ লয় মুখ্যমন্ত্ৰীয়ে৷













