ASSAM TIMES POST
গুৱাহাটীঃ ৰাজ্যৰ গড়কাপ্তানি মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে পুৱাৰ ভাগত গুৱাহাটীৰ মালিগাঁও চাৰিআলিত প্ৰস্তাৱিত পথ অ’ভাৰব্ৰীজৰ ক্ষেত্ৰ পৰিদৰ্শন কৰে। অ’ভাৰব্ৰীজখন নিৰ্মাণ হ’লে কি কি সুবিধা কিম্বা অসুবিধা হ’ব, সেই সমস্ত দিশ পৰ্যবেক্ষণ কৰে মন্ত্ৰীগৰাকীয়ে। এই সম্পৰ্কত তেওঁ গড়কাপ্তানি বিভাগক সোনকালে বিশ্লেষণাত্মক প্ৰতিবেদন দাখিল কৰিবলৈ অনুৰোধ জনাই যাতে অ’ভাৰব্ৰীজখন নিৰ্মাণৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে। ইয়াৰোপৰি তেওঁ কামাখ্যা মন্দিৰলৈ মালিগাঁৱৰপৰা নিৰ্মাণ হ’বলগীয়া ৪.৩ কিমি দৈঘ্যৰ বিকল্প আৰু অতিৰিক্ত পথটো সম্পৰ্কটো বুজ লয়।













