![]()
বেয়া বতৰৰ বাবে সাময়িকভাবে বন্ধ কৰা হ’ল অমৰনাথ যাত্রা। পহেলগামত নুনৱান বেছ কেম্পত তীর্থযাত্রীসকলক থাকিবলৈ দিয়া হৈছে।
এজন বিষয়াই এই প্রসঙ্গত জনাইছে যে বেয়া বতৰৰ কাৰণে তীর্থযাত্রীসকলক নুনৱান বেছ কেম্পত থাকিবলৈ কোৱা হৈছে। তীর্থযাত্রী সকলৰ সুৰক্ষাৰ কথা ভাবিয়েই এই সিদ্ধান্ত লোৱা হৈছে। বর্তমান নুনৱান কেম্পত প্রায় তিনি হাজাৰ তীর্থযাত্রী আছে।
উল্লেখ্য, বিগত ৩০ জুনত এই বছৰৰ অমৰনাথ যাত্রা আৰম্ভ হৈছে। ইতিমধ্যে ৬৫ হাজাৰৰো অধিক তীর্থযাত্রীয়ে অমৰনাথৰ পবিত্র গুহা দর্শন কৰা বুলি সংবাদ সংস্থা সূত্রই জনাইছে। অহা ১১ আগষ্টত এই তীর্থযাত্রাৰ অন্তিম দিন।











