![]()
কাৰবি আংলং জিলাৰ ডকমকাত আজি আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমানৰ হেৰ’ইন সহ দুই সৰবৰাহকাৰীক জালত পেলাবলৈ সক্ষম হৈছে ৷ প্ৰাপ্ত তথ্য অনুসৰি, এক নিৰ্ভৰ যোগ্যসূত্ৰে লাভ কৰা তথ্যৰ ভিত্তিত আজি ডকমকা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নীলমণি মালাকাৰৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ডকমকা থানা সন্মূখত তালাচী অভিযান চলায় ৷
উক্ত অভিযানত আৰক্ষীৰ দলটোৱে ডিমাপুৰৰ পৰা গুৱাহাটী অভিমুখে আহি থকাক’লা ৰঙৰ ছুজুকী মটৰ চাইকেলত তালাচী চলাই দহটা চাবোনৰ বাকচত লুকুৱাই অনা অৱস্থাত ১২২’২২ গ্ৰাম হেৰইন আৰু নগদ৪৯৮০ টকা জব্দ কৰিবলৈ সক্ষম হয় ৷
এই আৰক্ষীয়ে বিহাৰৰ বৈশালী জিলাৰ মুকেশ কুমাৰ আৰু মৰিগাওঁ জিলাৰ ভূৰাগাঁৱৰ জমিলা খাতুন নামৰ দুই সৰবৰাহকাৰীক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ৷ সন্দেহ যুক্ত হেৰইনখিনিৰ আন্তৰাষ্ট্ৰীয় বজাৰমূল্য প্ৰায় ৭০ ৰ পপা ৮০ লাখ টকা হব বুলি জিলা আৰক্ষী উপাধ্যক্ষ নাহিদ কৰিশ্মাই জানিবলৈ দিছে ৷












