![]()
যোৱা ২ জনৰ পৰা ১৪ জুলাইলৈকে ডিফুৰ অত্যাধুনিক কাছা খেল পথাৰত চলি থকা গ্ৰেটাৰ ডিফু স্পৰ্ট’ছ এছচিয়েছন ফুটবল লীগ ২০২২ ৰ চূড়ান্ত লীগ পৰ্যায়ৰ খেলখনত হিলছ ইউনাইটেড ডিফু এফচিয়ে চূড়ান্ত বিজয়ী খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় ৷
প্ৰাপ্ত খবৰ অনুসৰি লীগ পৰ্যায়ৰ খেলত কাৰবি আংলং মৰ্ণিং ষ্টাৰ এফচিয়ে আৰু হিলছ ইউনাইটেড ডিফু এফচিয়ে পৰষ্পৰে ১০ পইণ্টকৈ অৰ্জন কৰি চূড়ান্ত খেল খেলাৰ যোগ্যতা লাভ কৰে ৷ আজি ডিফু কাছা খেল পথাৰৰ তীব্ৰ প্ৰতিদ্বন্ধিতামূলক খেলত হিলছ ইউনাইটেড এফচিয়ে কাৰবি আংলং মৰ্ণিং ষ্টাৰ এফচি ২-০ গলৰ ব্যৱধানত পৰাজিত কৰি বিজয়ী হয় ৷
খেলৰ ৯ মিনিটত হিলছ ইউনাইটেড এফচিৰ হৈ ১৫ নম্বৰ জাৰ্চী পৰিহিত ছেচং হাঞ্চেই প্ৰথমটো গল উপহাৰ দি দলক ১-০ ৰ অগ্ৰাধিকাৰ প্ৰদান কৰে ৷ ইয়াৰ পিছত খেলৰ ৮৫ মিনটত পুণৰ হিলছ ইউনাইটেডৰ হৈ ১৩ নং জাৰ্চী পৰিহিত বিনচন ৰংপিয়ে দলক বিজয় সূচক গ’ল দিয়ে ৷ আজিৰ খেলখনত কাৰবি আংলং মৰ্ণিং ষ্টাৰ এফচিয়ে আপ্ৰাণ চেষ্টা কৰিও দলৰ সন্মান ৰক্ষা কৰিব নোৱাৰিলে ৷
ইফালে লীগ পৰ্যায়ৰ খেলত ডিফু এফচিয়ে ১০ পইণ্ট অৰ্জন কৰাৰ ওপৰিও কাৰবি আংলং মৰ্ণিং ষ্টাৰত কৈ অধিক গ’ল স্কৰ থকাৰ বাবে ৰাণাৰ্ছ আপৰ থিতাপ ডিফু এফচিয়ে লাভ কৰে ৷ লীগ খনত শ্ৰেষ্ট গ’ল ৰক্ষকৰ পুৰষ্কাৰ পায় ডিফু এফচিৰ যুৱ খেলুৱৈ ক্লাৰছন তিমুঙ, শ্ৰেষ্ট গ’লদাতাৰ পুৰষ্কাৰ পায় ডিফু এফচিৰ কিৰাত টিচ’ৱে আৰু চূড়ান্ত খেলত শ্ৰেষ্ট খেলৰ পুৰষ্কাৰ পায় হিলছ ইউনাইটেডৰ চেছং হাঞ্চেই ৷
চূড়ান্ত বিজয়ী ট্ৰফী প্ৰদান কৰে কাৰবি আংলং ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক ডাঃ পংকজ টেৰণে ৷ চূড়ান্ত খেলখন পৰিচালনা কৰে হনছিং কিলিঙে ৷ তেওঁক লাইনত সহায় কৰে ক্ৰমে কনটেনছন হাঞ্চে আৰু বিজয় ৰংহাঙে ৷ তৃতীয় ৰেফাৰীৰ দায়িত্বত থাকে আৰউইনছন কিলিঙ ৷













