ASSAM TIMES POST
গুৱাহাটীঃ এতিয়াৰেপৰা সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়া ত্যাগ কৰি কোনো ছাত্ৰ নেতায়ে পৰৱৰ্তী তিনি মাহলৈকে কোনো ৰাজনৈতিক দলত যোগদান কৰিব নোৱাৰিব। সদ্য সমাপ্ত আছুৰ জোনাই সাধাৰণ সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। উল্লেখযোগ্য যে ছাত্ৰ সংগঠনটোৰ বহু কেইজন নেতাই কাৰ্যকাল সমাপ্ত কৰিয়েই ৰাজনৈতিক দলত যোগদান কৰি অহাৰ সমান্তৰালভাৱে ৰাজনৈতিক দলত যোগদান কৰিহে আছুৰ দায়িত্ব ত্যাগ কৰি আহিছিল। যাৰ পৰিপ্ৰেক্ষিতত সমালোচনাৰ সন্মুখীন হৈ আহিছিল ৰাজ্যৰ পুৰণি ছাত্ৰ সংগঠনটো। যোৱা লোকসভা নিৰ্বাচনটো তেনে এক ঘটনা ঘটাৰ পৰিপ্ৰেক্ষিততে সাধাৰণ সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা যায়।













