![]()
আলুৰ দাম ৪৩০ শ্রীলঙ্কাৰ ৰুপি প্রতি কেজিত! ভয় খাইছে নেকি? আলুৰ এই বজাৰৰ দৰ দুৰ্ভাগ্যজনক অর্থনৈতিক পৰিস্থিতৰ চাপ পৰা শ্রীলঙ্কাত। এই বিপুল পৰিমাণৰ দামেৰে নিত্য প্রয়োজনীয় খাদ্য সামগ্ৰীৰ লগতে পাচলি ক্ৰয় কৰি খাবলগা হৈছে দেশখনৰ মানুহে।
আগৰ দামৰ তুলনাত বর্তমানৰ দামৰ আকাশ-পাতাল পাৰ্থক্য।
২০১৯-ৰ নৱেম্বৰত বিভিন্ন পণ্যৰ যি দাম আছিল, মাত্র আঢ়ৈ বছৰৰ ব্যৱধানত সেই দামে আকাশ চুইছে।
সকলোতকৈ বেছি বাঢ়িছে দাইলৰ দাম। প্রায় ৪১৭ শতাংশ! আগতে শ্রীলঙ্কান মুদ্রাত প্রতি কেজি দাইলৰ দাম আছিল ১২০ ৰুপি (শ্রীলঙ্কা মুদ্রাত)। বৰ্তমান সেয়া বাঢ়ি হৈছে ৬২০ ৰুপি। আগতে আলুৰ দাম আছিল ২৪০ ৰুপি। এতিয়া সেয়া ৭৯ শতাংশ বৃদ্ধি পাইছে ৪৩০ ৰুপি। ব্যাপক হাৰত বৃদ্ধি পাইছে নিত্য ব্যৱহার্য চেনিৰ দামো।
একেৰাহে ১০০ ৰুপিৰ পৰা বাঢ়ি গৈ ৩৪০ ৰুপি হৈছে প্রতি কেজি। চাউলৰ দাম বাঢ়িছে ১৪৪ শতাংশ। ৯০ ৰ পৰা বাঢ়ি ২২০ ৰুপি হৈছে। ইয়াৰ উপৰি উল্লেখযোগ্যভাবে বাঢ়িছে মাছ, কেঁচা জলকীয়া, নাৰিকল তেল, নাৰিকলসহ একাধিক পণ্যৰ দাম। আনহাতে, আগৰ তুলনাত দাম কমিছে ৰঙা পিয়াঁজৰ।
উল্লেখ্য, অর্থনৈতিক সঙ্কটৰ লগত যুঁজি আছে শ্রীলঙ্কাৰ মানুহে। তাকে লৈ দেশখনৰ বাসিন্দাসকলৰ মাজত ক্ষোভৰ জুই জ্বলিছে। সম্প্রতি সেই পৰিস্থিতিয়ে দাবানলৰ ৰূপ লৈছে।
জনগণৰ বিক্ষোভৰ সন্মুখত নতি স্বীকাৰ কৰি ইতিমধ্যেই দেশ এৰি পলায়ন কৰিছে প্রাক্তন ৰাষ্ট্ৰপতি গোতাবায়া ৰাজাপক্ষই। দেশ এৰাৰ পিছত তেওঁ ই-মেইল কৰি পদত্যাগ-পত্র প্ৰেৰণ কৰিছে।










