![]()
প্ৰয়াত কংগ্ৰেছ নেতা আহমেদ পেটেলৰ পৰা ৩০ লাখ টকা লৈ গুজৰাটৰ বিজেপি চৰকাৰ দুৰ্বল কৰি তুলিছিল তিস্তা ছেটালৱাৰে। গুজৰাট আৰক্ষীৰ বিশেষ তদন্তকাৰী দলৰ হাতত গ্ৰেপ্তাৰ হোৱা সমাজকৰ্মী তিস্তা ছেটালৱাৰৰ বিৰুদ্ধে আহমেদাবাদ আদালতত দাখিল কৰা শপতনামাত এই অভিযোগ উত্থাপন কৰিছে।
শপতনামাত উল্লেখ কৰা অনুসৰি, ২০০২ চনত নৰেন্দ্ৰ মোদী মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত গুজৰাট চৰকাৰক অস্থিৰ কৰাৰ বাবে কংগ্ৰেছ নেতা পেটেলৰ সৈতে বৃহত্তৰ ষড়যন্ত্ৰত তিস্তা জড়িত আছিল। তাৰ বাবে তেওঁ আৰ্থিক সহায়ো লাভ কৰিছিল।
প্ৰসংগক্ৰমে উল্লেখ্য, ২০০২ চনত গুজৰাটত গোধৰাৰ পিছৰ সংঘৰ্ষত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ কাষত তিস্তা বহুদিনৰ পৰাই থিয় দিছে। তেওঁলোকক আইনী সাহায্যও প্ৰদান কৰিছিল। যোৱা ২৫ জুনত গুজৰাট আৰক্ষীৰ সন্ত্ৰাসবাদবিৰোধী শাখাই তিস্তাক গ্ৰেপ্তাৰ কৰাক লৈও ৰাষ্ট্ৰসংঘই উদ্বেগ প্ৰকাশ কৰে।
ফলত আন্তৰ্জাতিক মঞ্চত প্ৰধানমন্ত্ৰী মোদীৰ চৰকাৰ কিছু অস্বস্তিত পৰা বুলি ধাৰণা কৰা হৈছে।২০০২ চনৰ গুজৰাট সংঘৰ্ষত গুলবাৰ্গ ছ’চাইটিৰ হত্যাকাণ্ডত তদানীন্তন মুখ্যমন্ত্ৰী মোদীকে ধৰি কেইবাজনো লোকক বিশেষ তদন্তকাৰী দলে ক্লীন চিট দিছিল। তেওঁৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰা হৈছিল।
শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে এই গোচৰ খাৰিজ কৰিছে। তদুপৰি, গুজৰাট সংঘৰ্ষ সম্পৰ্কীয় কোনো ভুৱা তথ্য তিষ্টাই দাখিল কৰিছেনে নাই সেই বিষয়ে তদন্ত কৰিবলৈ কয়। ইয়াৰ পিছতে গুজৰাট আৰক্ষীৰ এ টি এছ মুম্বাইলৈ গৈ তিস্তাক গ্ৰেপ্তাৰ কৰে।










