
অৰুণালৰ চিয়াং নদীত গা ধুবলৈ গৈ অসমৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দুজন যুৱক নদীৰ বুকুত নিখোঁজ হয়। খবৰ অনুসৰি, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পাঁচজন বন্ধু একেলগে পাচীঘাটলৈ ফুৰিবলৈ যায়। যদিও দুৰ্ভাগ্য ক্ৰমে তাৰে দুজন ছাত্ৰ ক্ৰমে শুৱভদ্বীপ পল আৰু প্ৰসিদ্ধ সন্দিকৈ নামৰ ছাত্ৰ দুজন চিয়াং নদীত গা ধুবলৈ যোৱাৰ সময়তে নিখোঁজ হয়।
পাচিঘাটৰ SDRF ৰ দলে উদ্ধাৰ অভিযান চলাইছিল যদিও বেছি নিশা হোৱাৰ ভাৱে উদ্ধাৰ অভিযান অব্যাহত ৰাখিব নোৱাৰিলে। পৰৱৰ্তী সময়ত জোনাইৰ পৰা SDRF ৰ উদ্ধাৰকাৰী দলে ৰাওনা হৈ ঘটনাস্থলীত উপস্থিত হৈছে।













