![]()
পুনৰ শিৰোনামত এগৰাকী মডেলৰ মৃত্যুৰ খবৰ। মডেল পূজা সৰকাৰৰ ৰহস্যজনক মৃত্যুৰ খবৰ আহিছে বাশদ্ৰোনী অঞ্চলত। এটা ফ্লেটত ওলমি থকা অৱস্থাত উদ্ধাৰ হয় মডেলগৰাকীৰ মৃতদেহ। শনিবাৰে নিশা উদ্ধাৰ কৰে মৃতদেহটো। মডেলগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে এম আৰ বাঙুৰ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।
মডেল পূজা সৰকাৰে বাশদ্ৰোনী থানাৰ বিপৰীতে এটা ফ্লেট ভাড়া কৰি লৈছিল। তেওঁৰ এজন ঘনিষ্ঠ বন্ধু তেওঁৰ লগত থাকে। খবৰ পোৱা গৈছে যে দুয়োজনে বহুদিন ধৰি একেলগে থাকিবলৈ লৈছিল। কিন্তু দুয়োৰে মাজৰ সম্পৰ্ক কিমান মধুৰ আছিল তাক লৈ ওচৰ-চুবুৰীয়াই প্ৰশ্ন উত্থাপন কৰিছে। তেওঁলোকে দাবী কৰে যে প্ৰায় প্ৰতিদিনেই পূজাৰ ফ্লেটৰ পৰা চিঞৰ-বাখৰ আৰু অশান্তিৰ সৃষ্টি হৈছিল।
ওচৰ-চুবুৰীয়াই জনোৱা মতে, ছমাহ আগতে পূজা বাশদ্ৰোনীৰ সেই ফ্লেটটোত বন্ধু এজনৰ লগত থাকিবলৈ আহিছিল। মডেলগৰাকী প্ৰায়ে নিশা ঘৰলৈ উভতি আহিছিল। কিন্তু কিহৰ বাবে দুয়োৰে মাজত কাজিয়া হৈছিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই।
ইতিমধ্যে আৰক্ষীয়ে এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। খবৰ অনুসৰি ১৯ বছৰীয়া মৃত মডেল পূজা সৰকাৰ প্ৰকৃততে উত্তৰ ২৪ পৰগনাৰ গাইঘাটাৰ বাসিন্দা। তেওঁ গোবৰদংগা হিন্দু মহাবিদ্যালয়ত অধ্যয়ন কৰিছিল। কৰ্মসূত্ৰে কলকাতালৈ আহিছিল। শনিবাৰে নিশা দুয়ো একেলগে কথা পাতি থকা বুলি আৰক্ষীক জনায় পূজাৰ বন্ধুৱে। তাৰ পিছত পূজাক তাইৰ প্ৰেমিকে ফোন কৰিছিল।
হাতত ফোনটো লৈ মডেলগৰাকী তাৰ পৰা উঠি যায়। ফোনত কথা পাতি থাকোতে পূজাৰ চিঞৰ-বাখৰ শুনি থকা বুলিও তেওঁৰ বন্ধুৱে দাবী কৰে। তাৰ পিছত পূজাই ৰাতি বহু সময় মদ খাইছিল। তেওঁ অলপ সময় থৰ হৈ বহি থাকে। পিছত তেওঁ নিজৰ কোঠাৰ দুৱাৰখন বন্ধ কৰি দিয়ে।
পুৱা উঠি যেতিয়া তেওঁৰ কোনো সঁহাৰি নাপালে, তেতিয়া বন্ধুৱে দেখিলে পূজা ঘৰৰ খিৰিকীত ডিঙিত ফাঁচ লগাই ওলমি আছে।
তেওঁ প্ৰথমে মডেলগৰাকীৰ মৃত্যুৰ খবৰ দিয়ে বাশদ্ৰোণী থানাত।










