
উদ্ধৱ থাকৰে নেতৃত্বাধীন শিৱসেনা পুনৰ ভাঙি গʼল। প্ৰয়াত বালাচাহেব থাকৰেৰ ঘনিষ্ঠ নেতা ৰামদাস কদমে এইবাৰ দল ত্যাগ কৰাৰ কথা ঘোষণা কৰে। মহাৰাষ্ট্ৰ বিধানসভাৰ প্ৰাক্তন বিৰোধী নেতা কদম ২০১৯ চনলৈ বিজেপি-শিৱসেনা মিত্ৰজোঁটৰ চৰকাৰত মন্ত্ৰী আছিল।
শিৱসেনাৰ প্ৰাৰ্থী হিচাপে ১৯৯০ চনৰ পৰা একেৰাহে চাৰিবাৰকৈ বিধানসভা নিৰ্বাচনত জয়লাভ কৰিছিল কদমে। মহাৰাষ্ট্ৰ বিধানসভাতো তেওঁ বিৰোধী দলৰ নেতা হয়। ২০০৯ চনৰ বিধানসভা নিৰ্বাচনত উদ্ধৱৰ ঘনিষ্ঠ এইজন নেতা গুহাগড় সমষ্টিত অভাৱনীয়ভাৱে পৰাস্ত হৈছিল। ইয়াৰ পিছতে তৎকালীনভাবে উদ্ধৱে একনাথ শিন্দেক শিৱসেনাৰ বিধায়িনী দলৰ নেতা হিচাপে মনোনীত কৰে।
পৰৱৰ্তী সময়ত উদ্ধৱে কদমক বিধান পৰিষদৰ সদস্য পাতিছিল। কিন্তু ২০১৯ চনত এনচিপি আৰু কংগ্ৰেছৰ সৈতে হাত মিলাই গঠিত ‘মহাবিকাশ আঘাড়ী’ মিত্ৰজোঁট চৰকাৰে তেওঁক কেবিনেটত স্থান নিদিলে। তেতিয়াৰ পৰাই বালাচাহেব-পুত্ৰৰ লগত কদমৰ ‘দূৰত্ব’ বাঢ়িবলৈ আৰম্ভ কৰে।










