ASSAM TIMES POST
পশ্চিম কাৰ্বিআংলং : পশ্চিম কাৰ্বিআংলং নগাঁও জিলাৰ সীমান্তৰ ডালিমবাৰীত শোকাৱহ ঘটনা। ডালিমবাৰি গ্ৰান্টত এখন বাঁহৰ সাঁকোৰ পৰা পৰি এজন লোকৰ কৰুণ মৃত্যু হয়।মৃত লোকজন ডালিমবাৰীৰ ছাইদুল ইছলাম।
মংগলবাৰে বিয়লি সংঘটিত হৈছিল এই দুৰ্ঘটনা। ডালিমবাৰী গ্ৰাণ্টৰ বিলৰ ওপৰত থকা এখন বাহৰ সাকোঁৰ পাৰ হ’বলৈ যাওঁতেই দলঙৰ পৰা পৰি গৈছিল ছাইদুল। কিন্তু দুৰ্ঘটনাৰ পাছত সন্ধান ওলোৱা নাছিল ছাইদুলৰ। বুধবাৰে পুৱা বিলৰ পানীত ছাইদুলৰ মৃতদেহ উপঙি থকা প্ৰত্যক্ষ কৰি স্থানীয় লোকে মৃতদেহটো উদ্ধাৰ কৰিছে আৰু আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে।