![]()
জম্মু-কাশ্মীৰত পুনৰ সেনাৰ ওপৰত উগ্ৰপন্থীৰ আক্ৰমণ। বৃহস্পতিবাৰে পুৱা ৰাজৌৰীৰ নিয়ন্ত্ৰণ ৰেখা (LOC)ৰ সমীপত উগ্ৰপন্থীৰ আক্ৰমণত নিহত হয় তিনিজন সেনা জোৱান। আহত আন তিনিজন লোক। সেনাৰ প্ৰত্যুত্তৰত নিহত হৈছে তিনিজন উগ্ৰপন্থীও।
ৰাজৌৰী নগৰৰ পৰা ২৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত পৰগাল অঞ্চলৰ পোষ্টটোত আক্ৰমণৰ সময়ত সেনাৰ এটা কোম্পানী মোতায়েন কৰা হৈছিল। সংঘৰ্ষৰ পিছতে পাহাৰ আৰু বনাঞ্চলেৰে আগুৰি থকা অঞ্চলটোত তালাচী অভিযান আৰম্ভ হয়। সেনাৰ এজন বিষয়াই কয়, ‘আশেপাশে আৰু কেইজনমান অনুপ্ৰৱেশকাৰী উগ্ৰপন্থী লুকাই থাকিব পাৰে বুলি আশংকা কৰা হৈছে।’
সেনাৰ সূত্ৰ অনুসৰি নিয়ন্ত্ৰণ ৰেখাৰ সমীপৰ চেকপইণ্টত আক্ৰমণকাৰী কেইজন আত্মঘাতী (ফিদায়ীন) বাহিনীৰ দুজন উগ্ৰপন্থী। প্ৰথম অৱস্থাত তেওঁলোক পাকিস্তানৰ উগ্ৰপন্থী সংগঠন লস্কৰ-ই-তৈয়বাৰ সদস্য বুলি ধাৰণা কৰা হৈছে। অৱশ্যে শেহতীয়াকৈ অঞ্চলটোত জইছ-এ-মহম্মদৰ ‘আফজল গুৰু স্কোয়াড’ৰ কাৰ্যকলাপো লক্ষ্য কৰা হৈছে।











