ASSAM TIMES POST
বোকাখাতঃ বিগত সপ্তাহটোত বছৰটোৰ শেহতীয়া বাঢ়নী বানে ধনশিৰিৰ বুকুত প্ৰবল সোঁতৰ সৃষ্টি কৰিছে। যোৱা ২৯ অক্টোবৰত বোকাখাত থানাৰ অন্তৰ্গত ভাটী শিঙাদৰীয়াত ধনশিৰি নৈৰ বুকুত পুৱা ১০.৪৫ বজাত সংঘটিত এক হাতনাওঁ দুৰ্ঘটনাত এগৰাকী মহিলা সন্ধানহীন হৈছে আৰু আজি পৰ্যন্ত মহিলাগৰাকীৰ কোনো শুংসূত্ৰ লাভ কৰিব পৰা নাই বুলি জানিব পৰি গৈছে। দুৰ্ঘটনাটোত লগতে আক্ৰান্ত আন ৫ জন লোক দৈৱক্ৰমে ৰক্ষা পৰে। ধনশিৰিৰ কাষৰে সুনীল দাস, তেওঁৰ পৰিবাৰ নীৰু দাস, আন এগৰাকী মহিলাসহ মুঠ ৬ জন লোক চাপৰি খেতিৰ বাবে ধনশিৰি পাৰ হ’বলৈ নাৱেৰে যাত্ৰা আৰম্ভ কৰে।

কিন্তু ফেনে ফুটুকাৰে বাঢ়ি থকা ধনশিৰিৰ পকনীয়াত নাওঁখন কেইবাপাকো ঘূৰি তৰিৎ গতিৰে তললৈ সোমাই যায়। প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি এগৰাকী মহিলাসহ আন চাৰিজন লোক কথমপি সাঁতুৰি পাৰলৈ আহে যদিও সুনীল দাসৰ পত্নী নীৰু দাস পাৰলৈ আহিব নোৱাৰিলে। ঘটনাৰ খবৰ পায়েই বোকাখাতৰ আৰক্ষী বিষয়া দিব্যজোতি দত্ত, মহকুমাধিপতি বিবেক শ্যাম, চক্ৰ বিষয়া খনিন্দ্ৰ দাস, অতিৰিক্ত আয়ুক্ত ৰণনময় ভৰদ্বাজ ঘটনাস্থলীলৈ গৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে তাৎক্ষনিকভাৱে এন ডি আৰ এফে (National Disaster Reasons Force) দুখন নাৱেৰে ধনশিৰি বুকুত দীৰ্ঘ সময় ধৰি মহিলা গৰাকীৰ সন্ধানত জোৰদাৰ অভিযান চলায় যদিও এই পৰ্যন্ত ৪৮ বছৰীয়া নীৰু দাসৰ কোনো শুংসূত্ৰ পোৱা নাই বুলি জানিব পৰা গৈছে। ইফালে প্ৰশাসনৰ উপস্থিতিত স্থানীয় ৰাইজে সেই অঞ্চলত ধনশিৰিৰ ওপৰত এখন দলং নোহোৱাৰ বাবেই প্ৰতি বছৰে এনে ঘটনা ঘটি থকাৰ অভিযোগ তুলি অচিৰেই এখন দলঙৰ দাবী কৰে। মহকুমা প্ৰশাসনে যোৱা ২৮ অক্টোবৰতে জাননী যোগে ধনশিৰিত নাওঁ চলাচল বন্ধ কৰিবলৈ নিৰ্দেশ দিয়াৰ পাছতো নিৰ্দেশ অমান্য কৰাৰ ফলত ঘটা এনে ঘটনাত প্ৰশাসনে উদ্বেগ প্ৰকাশ কৰিছে।













