![]()
এটা অজ্ঞাত নম্বৰৰ পৰা এটা হোৱাটছএপ মেছেজ আহে। আৰু সেই মেছেজত পঠোৱা লিংকটো খোলাত চাইবাৰ অপৰাধীয়ে এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰীৰ বেংক একাউণ্টৰ পৰা ২১ লাখ টকা উলিয়াই নিয়ে। উক্ত চাইবাৰ অপৰাধৰ বলি হয় অন্ধ্ৰপ্ৰদেশৰ অন্নমায়া জিলাৰ বাসিন্দা শিক্ষয়িত্ৰী বৰালক্ষ্মী।
স্থানীয় চাইবাৰ থানাত এজাহাৰ দাখিল কৰে তেওঁ।
বৰালক্ষ্মীয়ে জনোৱা মতে, তেওঁ এটা অজ্ঞাত নম্বৰৰ পৰা হোৱাটছএপত মেছেজ লাভ কৰে। উক্ত বাৰ্তাত এটা লিংক আছিল।
লিংকটো খুলি দিয়াৰ লগে লগে তেওঁ বেংকৰ পৰা ধন উলিওৱাৰ একাধিকবাৰ মেছেজ পাইছিল। ২০ হাজাৰ, ৪০ হাজাৰ আৰু ৮০ হাজাৰকৈ তেওঁৰ বেংকৰ পৰা কেইবাটাও পৰ্যায়ত ২১ লাখ টকা উলিওৱা হʼল। স্থানীয় আৰক্ষী থানাৰ চক্ৰ পৰিদৰ্শক মুৰলিকৃষ্ণই জনোৱা মতে, “অন্নাময়া জিলাৰ মদানপল্লে নগৰৰ ৰেদ্দেপ্পানাইডু কলনীত অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী বৰালক্ষ্মীৰ ঘৰ আছে।”
মোবাইলত অজ্ঞাত নম্বৰটোৰ পৰা অহা লিংকটো খুলি দিয়াৰ লগে লগে ইটোৰ পিছত সিটোকৈ বেংকৰ পৰা টকা উলিওৱাৰ মেছেজ আহে। তেওঁ একো বুজি নাপাই বেংকৰ বিষয়াক খবৰ দিয়ে। তেওঁলোকে শিক্ষয়িত্ৰীগৰাকীৰ মোবাইল হেক কৰা হৈছে বুলি জানিবলৈ দিয়ে। ইয়াৰ পিছত তেওঁ চাইবাৰ ক্ৰাইম আৰক্ষীত এজাহাৰ দাখিল কৰে।
উল্লেখ্য, কিছুদিন পূৰ্বে অঞ্চলটোৰ এজন আই টি কৰ্মীৰ বেংক একাউণ্টৰ পৰা চাইবাৰ অপৰাধীয়ে চুৰি কৰিছিল ১২ লাখ টকা।











