![]()
বোকাখাতৰ শৈক্ষিক ক্ষেত্ৰলৈ অমূল্য অৱদান আগবঢ়োৱা প্ৰয়াত চন্দ্ৰ নাথ বেজবৰুৱা সোঁৱৰণী শৈক্ষিক ন্যাস বঁটা বোকাখাত বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত যোৱা ১৮ আগষ্টত প্ৰদান কৰা হয়।
বোকাখাতৰ বহু কেইখন বিদ্যালয় মহাবিদ্যালয়ৰ ভূমি দাতা তথা বোকাখাত বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিস্থাপক প্ৰধান শিক্ষক, ছোৱালী শিক্ষাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা চন্দ্ৰনাথ বেজবৰুৱাৰ পৰিয়াল বৰ্গই ২০১৪ চনৰ পৰাই বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ পৰা সৰ্বোচ্চ নম্বৰ লাভ কৰি উত্তীৰ্ণ হোৱা দুগৰাকী ছাত্ৰীক এই বঁটা প্ৰদান কৰা হয়।
স্থানীয় বিশিষ্ট ব্যক্তি গোলাপ বৰদলৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত দশম শ্ৰেণীৰ ৰাখীমণি চুতীয়া আৰু নৱম শ্ৰেণীৰ চোনীয়া লোহাৰক বঁটা দুটি প্ৰদান কৰা হয়।
এই বঁটাত মানপত্ৰ, কিতাপৰ টোপোলাৰ লগতে নগদ ধনো আছে। সভাত বিদ্যালয়ৰ প্ৰধান শিক্ষক ডিম্বেশ্বৰ গগৈ, বিদ্যালয় পৰিচালনা সমিতিৰ উপ সভাপতি অমৰ শৰ্মা, পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি প্ৰদীপ খাউণ্ড, বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীৰ ছাত্ৰী সকল উপস্থিত থাকে।













