![]()
শুকুৰবাৰে জম্মু-কাশ্মীৰ আৰক্ষীয়ে কাশ্মীৰৰ ছোপুৰৰ পৰা তিনিজন লস্কৰ-এ-তৈয়বাৰ উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰে।
আৰক্ষীৰ সূত্ৰ অনুসৰি বোমাই চʼকত তালাচী চলোৱাৰ সময়ত যৌথ বাহিনীয়ে গোৰিপুৰাৰ পৰা বোমাই অভিমুখে অহা তিনিজন সন্দেহযুক্ত লোকক প্ৰত্যক্ষ কৰে। যেতিয়া তেওঁলোকক ৰ’বলৈ কয়, তেতিয়া তেওঁলোকে উক্ত স্থানৰ পৰা পলাবলৈ চেষ্টা কৰে। নিৰাপত্তাৰক্ষীয়ে খেদি খেদি এই তিনিজন লোকক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰৰ পিছত তেওঁলোকক তালাচী চলোৱাত ৩টা হেণ্ড গ্ৰেনেড, ৯ খন পোষ্টাৰ আৰু ১২ খন পাকিস্তানৰ পতাকা উদ্ধাৰ কৰা হয়। ইয়াৰ পিছত তেওঁলোকক গ্ৰেপ্তাৰ কৰা হয়।

প্ৰাথমিক তদন্তৰ পিছত আৰক্ষীয়ে জানিব পাৰে যে তিনিওজন লস্কৰ উগ্ৰপন্থী। আৰক্ষীৰ সূত্ৰ অনুসৰি, তেওঁলোকে কাশ্মীৰৰ প্ৰব্ৰজিত শ্ৰমিক, সাধাৰণ জনতা আৰু নিৰাপত্তা বাহিনীৰ ওপৰত আক্ৰমণ কৰাৰ পৰিকল্পনা কৰিছিল। আৰক্ষীয়ে বিশদ তদন্ত আৰম্ভ কৰিছে।
উল্লেখ্য, শুকুৰবাৰে সন্ধিয়া ২২টা ৰাষ্ট্ৰীয় ৰাইফলছ, চিআৰপিএফৰ ১৭৯টা বেটেলিয়ন আৰু ছʼপুৰ আৰক্ষীৰ যৌথ অভিযানত বোমাই চʼকত তিনিওটা উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰা হয়। জম্মু-কাশ্মীৰ আৰক্ষীৰ এক বিবৃতি অনুসৰি ধৃত তিনিজন উগ্ৰপন্থীৰ নাম হৈছে শ্বৰিক আশ্ৰফ, ছাকলেইন মুছতাক আৰু তৌফিক হাছান শ্বেইখ।











