ASSAM TIME POST,গোলাঘাটঃ শেহতীয়া বানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৯০ শতাংশ এলেকা বুৰ গৈছে। বহু জীৱ-জন্তুৱে ৰাষ্ট্ৰীয় উদ্যানৰ হাইলেণ্ডত আশ্ৰয় লৈছে৷ আনহাতে বহু জীৱ-জন্তুৱে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ কাৰ্বি আংলঙৰ দক্ষিণ অঞ্চলৰ হাইলেণ্ডত আশ্ৰয় লৈছে। উল্লেখ্য যে ১৯৯টা চোৰাংবেহা প্ৰতিৰোধী শিবিৰৰ ১৫৫টা শিবিৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে৷
মন কৰিবলগীয়া যে যন্ত্ৰ চালিত নাও আৰু হাত নাৱেৰে বনকৰ্মী আৰু নিৰাপত্তাৰক্ষীয়ে যাৱতীয় অভিযান অব্যাহত ৰাখিছে। ইপিনে, ৰাষ্ট্ৰীয় ঘাইপথত হোৱা দুৰ্ঘটনাত ৫টা হগ ডিয়েৰ আৰু এটা চাম্বাৰ আহত হৈছে। বানৰ ফলত বিভিন্ন কাৰণত ৫ টা আন জীৱ-জন্তু আহত হৈছে। আহত জীৱ-জন্তুক উদ্ধাৰৰ বাবে অভিযানকাৰী দল সাজু হৈ আছে। স্পেচিয়েল ৰাইনো প্ৰটেকছন ফৰ্চ কাজিৰঙাৰ স্পৰ্শকাতৰ অঞ্চলত মোতায়েন কৰা হৈছে।
ইপিনে, বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ নিৰ্দেশত প্ৰধান মুখ্য বন সংৰক্ষক আৰু অসম বন বাহিনীৰ মূৰব্বী এ এম সিঙে দেওবাৰে কাজিৰঙাত উপস্থিত হৈ ৰাষ্ট্ৰীয় উদ্যানখনৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰি বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে যুদ্ধসদৃশ তৎপৰতাৰে যাৱতীয় ব্যৱস্থা লোৱাৰ নিৰ্দেশ দিয়ে।
বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ নিৰ্দেশক্ৰমে প্ৰধান মুখ্য বন সংৰক্ষক আৰু মুখ্য বন্যপ্ৰাণী ৱাৰ্ডেন ড° ৰঞ্জনা গুপ্তাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতে বাহৰ পাতি অভিযানসমূহ প্ৰতিমুহূৰ্তত তদাৰক কৰি আছে।
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশত অসম চৰকাৰৰ পৰিৱেশ আৰু বন বিভাগৰ ৰাজ্যিক মন্ত্ৰী নৱ কুমাৰ দলেই আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উপস্থিত হৈ বান পৰিস্থিতিৰ পৰিদৰ্শন কৰাৰ লগতে বানৰ পৰিপ্ৰেক্ষিতত বন্যপ্ৰাণী সুৰক্ষাৰ বিভিন্ন দিশ তদাৰক কৰি আছে৷