ASSAM TIMES POST: ’শান্তনুকুলনন্দন’ উপন্যাসৰ স্ৰষ্টা, প্ৰখ্যাত লেখিকা পূৰৱী বৰমূদৈৰ আজি দেহাৱসান ঘটে৷ গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত পুৱা ৬ বজাত লেখিকাগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে৷ এইগৰাকী বিশিষ্ট লেখিকাৰ মৃত্যুত অসমীয়া ভাষা-সাহিত্যত অপুৰণিয় ক্ষতি হ’ল৷ ১৯৫০ চনত তেজপুৰত জন্মগ্ৰহণ কৰা পূৰৱী বৰমূদৈৰ পিতৃৰ নাম আছিল চন্দ্ৰনাথ তামূলী আৰু মাতৃৰ নাম আছিল পদ্মা তামূলী৷ ১৯৭০ চনত দৰং মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰাৰ পাছত লেখিকাগৰাকীয়ে ১৯৭৩ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল৷ সৰুৰে পৰা সাহিত্যৰ প্ৰতি ৰাপ থকাৰ বাবেই লেখিকাগৰাকীয়ে চাকৰিৰ প্ৰতি মনোনিৱেশ কৰা নাছিল৷ একান্ত মনেৰে সাহিত্য চৰ্চাত ব্ৰতী হোৱা পূৰৱী বৰমূদৈয়ে অসমীয়া সাহিত্যলৈ বহু অৱদান আগবঢ়াই গৈছে৷ গজৰাজ, ৰূপোৱালি নৈৰ সোণোৱালী ঘাট, শান্তনুকুলনন্দন, ১লাখ ৮৫ হাজাৰ শব্দ, বাঘশাল, বাঘজাল আৰু মানুহ আদিৰ স্ৰষ্টা পূৰৱী বৰমুদৈ লেখক-সাহিত্যিক, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° আনন্দ বৰমূদৈৰ লগত বিবাহপাশত আবদ্ধ হৈছিল৷ বিশিষ্ট লেখিকাগৰাকীয়ে বাসন্তী বৰদলৈ বঁটা, ছগনলাল জৈন বঁটা, অসম লেখিকা সমাৰোহ সমিতি বঁটা, প্ৰৱীণ শইকীয়া বঁটা, সাহিত্য অকাডেমী বঁটা, অসম উপত্যকা সাহিত্য বঁটা আদি প্ৰাপ্তিৰে সন্মানিত হৈছিল৷ বিশিষ্ট লেখিকাগৰাকীৰ মৃত্যুত অসম সাহিত্য সভাৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে৷